গ্ৰামোন্নয়ন বিভাগত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

কলিয়াবৰঃ কলিয়াবৰত গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে কোটি কোটি টকাৰ দুৰ্নীতি। কলিয়াবৰৰ বামুণীত থকা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই দুৰ্নীতি। দুৰ্নীতিত জড়িত দুই কৰ্মচাৰী ইতিমধ্যে জখলাবন্ধা আৰক্ষীৰ জালত পৰাৰ লগে লগে বহু তথ‍্য পোহৰলৈ আহিছে।

জবকাৰ্ডৰ জৰিয়তে কোটিৰো অধিক ধন আৰু গ্ৰাহকৰ জমা ধন হৰলুকী কৰা দুই অপৰাধী ক্ৰমে লাইলুৰিৰৰ আনিছউজ জামান আৰু বামুনি গাঁৱৰ মন্টু ডুবে সম্প্ৰতি জখলাবন্ধা আৰক্ষীৰ জালত পৰিছে। ধৃত দুই অভিযুক্তই ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ একাংশ বিষয়াৰ সহযোগত বামুণী অঞ্চলতে নহয়, নগাঁও জিলাৰ বিভিন্ন পঞ্চায়তৰ সচিব, সভাপতি, আৰু জিআৰএছৰ লগ হৈ জবকাৰ্ডৰ ভুঁৱা একাউণ্ট খুলি কোটিৰো অধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।⁠⁠⁠⁠