আক্ৰাছুৰ ৰৌতা আঞ্চলিক সমিতি নতুনকৈ গঠন

newsnextoen.com| ওদালগুৰিঃ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ অন্যতম ৰৌতা আঞ্চলিক সমিতিখন যোৱাকালি নতুনকৈ গঠন কৰা হয়। সেই অনুসৰি কালি ৰৌতা জাতীয় বিদ্যালয় প্ৰাঙ্গণত কালি দিনৰ ১২ বজাত অনুষ্ঠিত হয় আঞ্চলিক সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। ৰৌতা আঞ্চলিক সমিতিখনৰ সভাপতি জিৱেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত উপস্থিত থাকে জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি খজেন ডেকা, আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভৱেন ৰাজবংশী, জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বড়া কোঁচ, জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক নৱজিৎ কোঁচ।

উক্ত সভাৰ অন্তত ভাস্কৰজ্যোতি কোচক সভাপতি আৰু নিলোৎপল চহৰীয়াক সাধাৰণ সম্পাদকৰ দ্বয়িত্ব প্ৰদান কৰি ৩১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা বুলি নৱনিৰ্বাচিত সভাপতি-সাধাৰণ সম্পাদক স্বাক্ষৰিত এখন প্ৰেছ বিজ্ঞপ্তি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।