
newsnextone.com| বিলাসীপাৰাঃ আগন্তুক লোক সভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক ৰুধিবলৈ কংগ্ৰেছ দলে লক্ষ্য হিচাপে লৈছে যদিও ধুবুৰী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মাজত বিসম্বাদ গা কৰি উঠা পৰিলক্ষিত হৈছে। প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে নিজৰ ক্ষমতা হস্তগত কৰি ৰখাৰ ক্ষেত্ৰত ধুবুৰী লোকসভা সমষ্টিটোৰ বিভিন্ন বিধান সভা সমষ্টিত কংগ্ৰেছৰ কৰ্মী মাজত গ্ৰুপ সৃষ্টি কৰি অহা দেখা গৈছে।
চৌধুৰীৰ এনে কাৰ্য্যত জাঙুৰ খাই উঠা কংগ্ৰেছৰ সজাতী দলে ইতিমধ্যে দিল্লী হাইকমাণ্ডৰ ওচৰত চৌধুৰীৰ সংখ্যালঘূ বিভাগ কৰ্তন কৰাৰ বাবে অভিযোগ দাখিল কৰিছে বুলি জনা গৈছে। এনে বিসম্বাদ চলি থাকিলে কংগ্ৰেছে আজমলক ৰুধিবলৈ একপ্ৰকাৰ কঠিন হৈ পৰিব। যাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘূ ৰাইজৰ প্ৰভাৱশালী নেতা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে আগন্তুক ধুবুৰী লোকসভা সমষ্টি প্ৰাৰ্থিত্ব প্ৰত্যাশিত ৰূপে আগমনত সমষ্টিটোত চুকে কুণে তৃণমূল কংগ্ৰেছ কৰ্মী তথা ৰাইজৰ মাজত কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
যদি কংগ্ৰেছ দলে প্ৰাক্তন মন্ত্ৰী আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে আজমলক হৰুৱাবলৈ সক্ষম হ'ব বুলি সচেতন মহলে মত পোষণ কৰে। ছিদ্দিক আহমেদ অবিহনে ধুবুৰীত আজমলক ৰুধিবলৈ অসম্ভৱ বুলি কংগ্ৰেছ মহলত গুনা গঁথা চলি থকা বুলি জনা গৈছে। প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে আগন্তুক ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশি ৰূপে আগমনত আজমলৰ নিদ্ৰাহৰণ হ'ব লগা হৈছে। আজমলে দীৰ্ঘ দিন বিৰতি সমষ্টিত আহি তৎপৰতা আৰম্ভ কৰি থকা হৈছে।