শোণিতপুৰ জিলা প্ৰশাসনে পূজাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা জাৰী কৰিছে
প্ৰতিখন পূজামণ্ডপে চি.চি কেমেৰা স্থাপন কৰিব লাগিব
প্ৰতিখন পূজামণ্ডপে নিজৰ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব
নিশা ১০ বজাৰ পিছত উচ্চস্বৰত সংগীত বজাব নোৱাৰিব

newsnextoneতেজপুৰ ৭অক্টেবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো শাৰদীয় দূৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্ত্ততি ছলিছে। ইতিমধ্যে তেজপুৰত ৮০ খন দূৰ্গাপূজা সমিতিয়ে পূজা অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছে।
৪ অক্টোবৰত অনুস্থিত হোৱা এখন সংবাদমেল যোগে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কে.কে শৰ্মাই অনুমতি অবিহনে কোনেও দূৰ্গাপূজা অনুস্থিত কৰিব নোৱাৰিব বুলি ঘোষনা কৰে।শোণিতপুৰ জিলা প্ৰশাসনে পূজাৰ সময়চোৱা যাতে শান্তি-শৃংখলাৰ মাজেৰে পাৰ হয়,তাৰ বাবে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিছুমান নীতি-নিৰ্দেশনা জাৰী কৰিছ।
প্ৰতিখন পূজামণ্ডপে চি.চি কেমেৰা স্থাপন কৰিব লাগিব,প্ৰতিখন পূজামণ্ডপে নিজৰ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব, নিশা ১০ বজাৰ পিছত উচ্চস্বৰত সংগীত বজোৱা বন্ধ কৰিব লাগিব আৰু লগতে প্লাষ্টিকজাত সামগ্ৰী বৰ্জন কৰি ক্লীন-তেজপুৰ-গ্ৰীণ তেজপুৰ নিৰ্দেশনা জাৰী কৰি স্বচ্ছতাৰ বিষয়ত জিলা প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰে।
ইফালে দেৱী দূৰ্গাৰ প্ৰতিমা বিৰ্সজনৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে দিনৰ ১২ বজাৰ পাছতহে বেদীৰ বাহিৰ কৰিবলৈ আৰু নিশা ৮ বজাৰ ভিতৰত বিৰ্সজন কাৰ্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু বিৰ্সজনৰ শোভাযাত্ৰাৰ বাহনত জেনেৰেটৰ ব্যৱহাৰ নিষিদ্ধ কৰে।
তেজপুৰৰ পৰা মনিমালা বৰা,৭ অক্টোবৰ