ওদালগুৰিৰ গৰুৱাঝাৰত ভয়াৱহ পথ দূৰ্ঘটনা

newsnextone.com।ওদালগুৰিঃ ওদালগুৰি দিলাৰ গৰুৱাঝাৰত সংঘটিত হৈছে এক ভয়াৱহ পথ দূৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় মানগ্ৰী মুণ্ডা নামৰ এগৰাকী মহিলা। নিজৰ স্বামীৰ সৈতে পুৱা ১১.৩০ বজাত চাইকেলেৰে জীয়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰাকে পিছ ফালৰ পৰা মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতে মৃত্যু হয় মানগ্ৰী মুণ্ডা নামৰ মহিলাগৰাকী। ঘটনাটো সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰে।