
newsnextone.com। কাৰ্বি আংলং: কাৰ্বি আংলং আৰু গোলাঘাট জিলা সীমান্তৱৰ্তী তথা নামবৰ অভয়াৰণ্যৰ মাজেদি যোৱা ১ নং এছিয়ান ঘাইপথৰ আলি ছিগাত উদ্ধাৰ হৈছে এটা মৃতদেহ।
নামবৰ দৈগ্ৰোং অভয়াৰণ্যৰ মাজেদি পাৰ হৈ যোৱা ১ নং এছিয়ান ঘাইপথত উদ্ধাৰ হোৱা ব্যক্তিজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰো সন্দেহ কৰা হৈছে ৷ ব্যক্তিগৰাকীৰ নাম নিজাম হুছেইন আৰু ঘৰ যোৰহাটৰ ৰয়েল ৰোডত বুলি মৃতদেহৰ কাষত উদ্ধাৰ হোৱা পান কাৰ্ড আৰু ড্ৰাইভিং লাইছেন্সৰ পৰা এই কথা পোহৰলৈ আহিছে ৷
ব্যক্তিগৰাকী গাড়ী চালক বুলি স্থানীয় লোকে সন্দেহ কৰাৰ লগতে গাড়ী চুৰি চক্ৰই ব্যক্তিজনক হত্যা কৰি গাড়ী লৈ উধাও হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।