
www.newsnextone.com|খেৰণিঃ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ আনন্দ-উচ্ছাহেৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে দূৰ্গোৎসৱ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে পিছপৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তটো দূৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে। সমান্তৰালকৈ প্ৰতি বছৰৰ দৰে ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কাৰ্বি আংলঙত৷
পূৱ কাৰ্বি আংলঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত থকা মুঠ ৬ টাকৈ মণ্ডলত কাৰ্বি সাংস্কৃতিক সমাজে (কে চি এছ) মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে জিলাখনত৷ ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা কাৰ্বি সাংস্কৃতিক সমাজে তেওঁলোকলৰ উদ্যোগত ২৬ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামত অনুষ্ঠিত কৰাৰ মানসেৰে পূৰ্ণ প্ৰস্তুতি চলাই ইতিমধ্যে সম্পূৰ্ণ প্ৰায় কৰি তুলিছে মহোৎসৱৰ নিৰ্মাণ কাৰ্য৷
অহা ১৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰৰ লৈকে ৪ দিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱটিৰ বাবে প্ৰায় এমাহ দিন ধৰি যুদ্ধকালীনভাৱে কাম কৰি মূল মঞ্চ, মুখ্য প্ৰৱেশদ্বাৰ, চাংঘৰ, টঙী ঘৰ আদি ইতিমধ্যে সাজি উলিয়াইছে মহোৎসৱস্থলিত তথা চেংবং-লাংচিবু আক্লামত৷
উল্লেখ্য যে ইতিহাস অনুসৰি বহিঃদেশৰ পৰা প্ৰৱজন হৈ অহা বৰ্তমানৰ মানচিত্ৰৰ কাৰ্বি পাহাৰত বসবাস কৰি থকা এমুঠিমান কাৰ্বি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, কলা-সংস্কৃতিৰ নৃত্য গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে জনগোষ্ঠীটোৰ নিজৰ পৰিচয় প্ৰদান কৰি বিশ্ব ইতিহাসত জিলিকাই ৰখা তথা নিজৰ চকীয় স্বাভিমান ৰক্ষাৰ বাবে এইদৰে এক নেৰানেপেৰা চেষ্টাৰে কাৰ্বি সংস্কৃতিক সমাজৰ উদ্যোগত ২৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ সমগ্ৰ কাৰ্বি আংলঙৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ চেংবং-লাংচিবু আক্লামতো জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুস্থিত কৰাৰ আপ্ৰাণ চেষ্টা উল্লেখিত সমাজখনে চলায় থকা ইতিমধ্যে পৰিলক্ষিত হৈছে ৷