মৰিগাঁৱৰ সংবাদ কৰ্মী নিগ্ৰহৰ ঘটনাৰ তদন্ত ঘোষণা

ডিজিটেল ডেস্ক |মৰিগাঁওঃ মৰিগাঁও চহৰত নবমীৰ নিশা আৰক্ষীৰ দ্বাৰা সংঘটিত সংবাদ কৰ্মী নিগ্ৰহৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে জিলা খনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। 

আৰক্ষী অধীক্ষক ডেকাই আজি উক্ত ঘটনাত দুখ প্ৰকাশ কৰি তদন্ত ঘোষণা কৰাৰ লগতে অন্যতম অভিযুক্ত ভৰত নাথক ৰিজাৰ্ভ ক্ল'জ কৰে। 

উল্লেখ্য যে, নৱমীৰ নিশা মৰিগাঁও চহৰৰ মাজমজিয়াত এই আৰক্ষী কৰ্মী জনে আন একাংশ আৰক্ষী আৰু এজন আত্মীয়ৰ সৈতে লগলাগি চন্দন হীৰা নামৰ কৰ্তব্যৰত সংবাদ কৰ্মী জনক শাৰীৰিক অত্যাচাৰ চলাই বিনা কাৰণত আটক কৰি ওৰে নিশা থানাত আবদ্ধ কৰি ৰাখিছিল।