তামুলপুৰত বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ,দুজন নিহত
বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।দুর্ঘটনাটোত থিতাতে নিহত দুই যুৱক

তামোলপুৰঃ বাক্সা জিলা তামোলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ দ্বাৰকুছিত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত উত্তৰ গান্ধীবাৰী গাঁওৰ নাৰায়ণ পাটোৱাৰীৰ পুত্ৰ বিনোদ পাটোৱাৰী আৰু ৰঙিয়াৰ অডিত দাসৰ পুত্ৰ গৌতম দাস থিতাতে নিহত হয় ।
জানিব পৰা মতে বিনোদ আৰু গৌতমে এ এছ ০১ ডি ই ৫০৩৪ নম্বৰৰ পাল্ছাৰ মটৰ চাইকেলখনৰে ৰঙিয়াৰ পৰা তামুলপুৰৰ দিশে আহি থাকোতে ভূটান দিশৰ পৰাযোৱা এখন তীব্ৰবেগী ডাম্পাৰে দ্বাৰকুচিত তামুলপুৰ বন তালাচী চকীৰ সম্মুখতে যুৱক দুজনক মহতিয়াই নিয়াত যুৱক দুজন থিতাতে নিহত হয়। লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষী সহযোগত যুৱক দুজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু তামুলপুৰ থানালৈ অনা হয় মৃতদেহ।
অভিজিৎ তালুকদাৰ