
ডিজিটেল ডেস্ক |গোৰেশ্বৰঃ বাগচা জিলাৰ গোৰেশ্বৰত জুৱা খেলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ছাত্ৰ সংগঠনে। আৰক্ষী আৰু প্ৰশাসনে কৰিব নোৱাৰা কাম গোৰেশ্বৰৰ ছাত্ৰ সংগঠন সমূহে কৰিবলৈ লৈছে। বিশেষকৈ গোৰেশ্বৰৰ চৌদিশে অবাধে চলি অহা তীৰ-জুৱা খেল বন্ধ কৰি এখন সুস্থ-সবল সমাজ গঢ়াৰ বাবে শেষতীয়াকৈ পদক্ষেপ লৈছে কেবাটাও ছাত্ৰ সংগঠনে। অলপতে ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে গোৰেশ্বৰৰ কেবাটাও ছাত্ৰ সংগঠনে ব্যাপক পোষ্টাৰিং কৰিছিল। বাগচা জিলাৰ অন্তৰ্গত তথা গোৰেশ্বৰ আৰক্ষী থানাৰ এলেকাধীন মাগুৰমাৰীত বিগত ২৪ অক্টোবৰত লক্ষীপূজাৰ নামত আয়োজন কৰা জুৱাখেলক নিখিল বড়ো ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত উচ্ছেদ কৰাৰ লগতে ৮ জনকৈ জুৱাৰীক ধৰি বান্ধি গোৰেশ্বৰ আৰক্ষীক গতাই দিছিল। ইয়াকে লৈ একাংশ ৰাইজৰ সৈতে জুৱাৰীৰ হতাহতিৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ উত্তেজনা মাৰ নাযাওতে পুনৰ ২৬ অক্টোবৰত গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত গুৰমৌৰ সাপ্তাহিক বজাৰত ছাত্ৰ সংগঠনে তীৰ-জুৱা আদি খেল উচ্ছেদ কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
গোৰেশ্বৰ আৰক্ষী থানাৰ এলেকাধীন গুৰমৌৰ হাইস্কুল আৰু এম ই স্কুলৰ সমীপতে প্ৰতি শুকুৰবাৰ আৰু সোমবাৰে সাপ্তাহিক বজাৰৰ গইনা লৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সন্মুখতে এচাম ধুৰন্ধৰ অসাধু লোকে জুৱা খেল পতা বুলি এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে গোৰেশ্বৰৰ কেবাটাও ছাত্ৰ সংগঠনে। গোৰেশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সদানন্দ বড়ো, কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক হিৰেন ৰাজবংশীৰ নেতৃত্বত দিনৰ ১২ বজাত এটা সজাতি দল গুৰমৌ সাপ্তাহিক বজাৰত উপস্থিত হোৱাৰ লগে লগে তীৰ জুৱাৰী সকলে ছত্ৰ ভংগ দিয়ে। অৱশ্যে বজাৰৰ মহলদাৰে ছাত্ৰ সংগঠনৰ সজাতি দলটোক অনাগত সময়ত আৰু গুৰমৌ বজাৰত জুৱা খেল পতাৰ বাবে অনুমতি দিয়া নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে। ইপিনে কুম্ভ কৰ্ণ নিদ্ৰাত থকা বাগচা জিলা আৰক্ষী আৰু গোৰেশ্বৰ আৰক্ষীয়ে তীৰ জুৱাৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ঠিক সেই সময়তে গোৰেশ্বৰৰ ছাত্ৰ সংগঠন সমূহে লোৱা ভূমিকাক অঞ্চলবাসীয়ে ভূয়সী প্ৰশাংসা কৰে। এতিয়া গোৰেশ্বৰত য’তে জুৱা খেল হয় ত’তেই উপস্থিত হৈ জুৱা-জুৱাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈ আছে ছাত্ৰ সংগঠন। ইপিনে অবৈধ চুলাই মদ আৰু তীৰ বিৰুদ্ধেও তদ্ৰুপ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। ছাত্ৰ সংগঠনৰ তৎপৰতাৰ পিছত অৱশ্যে প্ৰশাসনৰ ভূমিকা কি হ'ব সেয়াহে লক্ষনীয় হ'ব।