ঘৰৰ পচন্দৰ দৰাই কাল হ’ল নেকি যুৱতীৰ...

কোকৰাঝাৰঃ কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ এগৰাকী ছাত্ৰীৰ অগ্নিদগ্ধ মৃতদেহ ধাননি পথাৰত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰে গেন্দ্ৰাবিলত লক্ষ্মী পূজাৰ মেলা চাই ঘৰলৈ উভতি অহাৰ পাছৰপৰাই সন্ধানহীন হোৱা ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ কালি সন্ধিয়া ধাননি পথাৰত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয়৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷ হত্যাৰ পূৰ্বে ছাত্ৰীগৰাকীক বলাৎকাৰ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। 

ইপিনে হত্যাকাণ্ডৰ পাছতে মৃতকৰ ঘৰত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷  ছাত্ৰীগৰাকীৰ হত্যাৰ আঁৰত দুৰ্ষ্কৃতিকাৰীৰ হাত থকা বুলিও সন্দেহ প্ৰকাশ কৰি হত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য শীঘ্ৰে উদঘাটন কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

আনহাতে বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক তপন নাথে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰশাসনক এসপ্তাহৰ সময়সীমা বান্ধি দি এই সময়সীমাৰ ভিতৰত দোষাক কৰায়ত্ব কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে। ছাত্ৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰা হৈছে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে ছাত্ৰীগৰাকীৰ বিয়াৰ কথাও চলি আছিল আৰু অহা সোমবাৰে ছাত্ৰীগৰাকীক দৰাঘৰে চাবলৈ অহাৰ কথা আছিল৷ 

প্ৰণিধানযোগ্য যে আজি মৃতকৰ ঘৰত বিজেপি, বিপিএফ, এবছু, আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, যুদ্ধবিৰত আলফা আদিকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিবৰ্গ উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে হত্যাকাৰীক আটক কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উক্ত ঘটনাৰ সঠিক তদন্ত দাবী কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে। বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি বিহিবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।

এয়া হত্যা নে আত্মহত্যা ? আৰক্ষীৰ তদন্ত আৰম্ভ 

ছাত্ৰীৰ অগ্নিদগ্ধ মৃতদেহক লৈ বিপাঙত পৰিছে আৰক্ষী। এয়া প্ৰকৃততে পূৰ্বপৰিকল্পিত হত্যা নে আত্মহত্যা তাক লৈও সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। ছাত্ৰীগৰাকী লক্ষ্মী পূজাৰ মেলা চাই ঘৰলৈ উভতি আহি শুই পৰিছিল যদিও ৰহস্যজনকভাৱে নিশাই সন্ধানহীন হয়। সন্ধানহীন হোৱা ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰে যদিও কালি সন্ধিয়া ধাননি পথাৰত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই গভীৰ ৰহস্যৰ সৃষ্টি হয়। সন্দেহ কৰা মতে ছাত্ৰীগৰাকীয়ে উক্ত নিশাই কোনোবা চিনাকি লোকৰ স’তে ওলাই যায় আৰু শেষ পৰিণতিতত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয়। ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষৰপৰা উদ্ধাৰ হোৱা চেণ্ডেল প্ৰত্যক্ষ কৰি আৰু পথাৰলৈ যোৱাৰ পাছতো বোকা নলগালৈ প্ৰত্যক্ষ কৰি চিনাকি লগৰীয়াৰ স’তে চেণ্ডেল হাতেৰে লৈ চমু পথৰে উক্ত স্থানলৈ যোৱা বুলি সন্দেহ কৰা হৈছে। মৃতদেহৰ কাষত কেৰাচিনৰ গেলন, দিয়াচলাই উদ্ধাৰ হৈছে আৰু দিয়াচলাইটো সম্পূৰ্ণ নতুন অৱস্থাতে আছে। আনহাতে ঘটনাস্থলীৰপৰা কিছুদূৰত মদ, বিয়েৰৰ বটলো উদ্ধাৰ হৈছে। ছাত্ৰীগৰাকীৰ আঁঠুৰপৰা ওপৰৰ অংশ অগ্নিদগ্ধ হৈছে যদিও ৰহস্যজনকভাৱে আঁঠুৰ তলৰ অংশ সম্পূৰ্ণ অক্ষত অৱস্থাত আছে আৰু ভৰিদুখন বন্ধা অৱস্থাত আছিল। বিশেষকৈ শৰীৰৰ গোপন অংশ জ্বলি যোৱালৈ চাই দুৰ্ষ্কৃতিকাৰীয়ে প্ৰমাণ নষ্ট কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে। সন্দেহ কৰা মতে, ছাত্ৰীগৰাকীৰ স’তে কাৰোবাৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু পৰিয়ালে বিয়াৰ বাবে আন দৰা চোৱাত ছাত্ৰীগৰাকী ইচ্ছাকৃতভাৱে চিনাকিজনৰ স’তে নিশাই ওলাই গৈছিল। আনহাতে আন একাংশই ঘটনাটোক অইন দৃষ্টিৰে চাই এয়া আত্মহত্যা হ’ব পাৰে বুলিও মন্তব্য কৰিছে।

ইপিনে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে সদৰি কৰা মতে উক্ত ঘটনাটোৰ এক গুৰুত্বপূৰ্ণ ক্লু লাভ কৰা হৈছে আৰু আৰক্ষীয়ে অচিৰেই প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ব। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে আৰু ছাত্ৰীগৰাকীৰ মোবাইল কল লিষ্টৰ পৰীক্ষা আৰম্ভ হৈছে যদিও তদন্তৰ খাতিৰত অধিক তথ্য দিয়াৰপৰা বিৰত আছে আৰক্ষী৷