কেন্দ্ৰৰ ৰিলায়েন্সপ্ৰীতিয়ে BSNLৰ SDOক বাধ্য কৰাইছে ছিম কাৰ্ড বেচিবলৈ

নগাঁওঃ দেশজুৰি ৰিলায়েন্স জিঅ’ কোম্পানীয়ে ম’বাইল সেৱা প্ৰদান কৰি ভাৰত সঞ্চাৰ নিগম লিমিটেড, চমুকৈ বি এছ এন এলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে বি এছ এন এলক শক্তিশালী নেটৱৰ্ক কোম্পানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চূড়ান্তভাৱে গাফিলতি কৰিছে। তাৰে বহি:প্ৰকাশ স্বৰূপে নতুনকৈ অসমত কেইবা বছৰ ধৰি কোনো টাৱাৰ সংস্থাপন কৰা নাই৷ অথচ ইয়াৰ বাবে কোনো নিবিদাৰ আহ্বানো কৰা নাই।-- এই গুৰুতৰ অভিযোগ অল ইণ্ডিয়া ইউনিয়ন এণ্ড এছ’চিয়েচন অব বি এছ এন এল (এ ইউ এ বি)ৰ নগাঁও জিলা সমিতিৰ। সোমবাৰে বি এছ এন এলৰ নগাঁৱৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এই অভিযোগ কৰি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দেৱাশীষ মজুমদাৰে কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে ব্যক্তিগত খণ্ডৰ ম’বাইল নেটৱৰ্ক কোম্পানীসমূহৰ লগত গোপন বুজাবুজি থকাৰ কথা ব্যক্ত কৰি কয় যে বি এছ এন এলক শক্তিশালী কৰাৰ বিপৰীতে চৰকাৰে এয়াৰটেল কোম্পানীক ৮০ হাজাৰ কোটি আৰু আইডিয়া টেলিকম কোম্পানীক ৬০ হাজাৰ কোটি টকাৰ ঋণ দিছে। 

এইদৰে চৰকাৰে নিজৰ টেলিকম কোম্পানীটোক এলাগী কৰি ৰিলায়েন্স জিঅ’ৰ দৰে আন ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক শক্তিশালী কৰাৰ চেষ্টা চলাই দেশৰ ১.৮৫ কোটি বিষয়া-কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। চৰকাৰী খণ্ডৰ ১৮ বছৰ পুৰণি প্ৰথমটো ম’বাইল নেটৱৰ্ক কোম্পানী বি এছ এন এলৰ বিষয়া-কৰ্মচাৰী ইমানেই তললৈ নামিব লগা হৈছে যে এতিয়া এছ ডি অ', জে টি অ'ৰ দৰে বিষয়াসকলে পথৰ ভিখাৰীৰ দৰে ৰাস্তাৰ কাষে কাষে ছিম কাৰ্ড বেচিব লগা হৈছে। সংবাদ মেলখনত সংগঠনটোৰ কেন্দ্ৰীয় সদস্য আৰ কে মাহেলিকাই কয় যে বহুদিন ধৰি চৰকাৰে বি এছ এন এলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ বকেয়াৰ বাবদ ৬ হাজাৰ কোটি টকা প্ৰদান কৰিব পৰা নায়। আনকি, কৰ্মৰত বিষয়া-কৰ্মচাৰীক বৰ্ধিত হাৰৰ ৩০ শতাংশ ধন দিবলৈ সক্ষম হোৱা নায়। অচিৰেই এই সমস্যাসমূহৰ সমাধান নকৰিলে দেশজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে। এই সংবাদ মেলত সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তা ক্ৰমে সুমিত কুমাৰ ঘোষ, কে এম হাজৰিকা, শ্যাম শ্ৰীবাস্তৱ, সুশীল ৰায় আদিকে ধৰি বহু কেইগৰাকী নেতৃবৰ্গ‌ উপস্থিত থাকে।