কাৰ্বি আংলংত অজনজাতিৰ ৰাজনৈতিক অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত বোকাজান জিলা দাবী সমিতিৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰদান

কাৰ্বি আংলংঃ  কাৰ্বি আংলং জিলাত বৰ্তমান জনজাতি আৰু অজনজাতিৰ ৰাজনৈতিক অধিকাৰ আৰু সুৰক্ষাৰ প্ৰসঙ্গ বহু চৰ্চিত বিষয় হৈ পৰাৰ সময়তেই আজি বোকাজান জিলা দাবী সমিতিয়ে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ জিলাখনৰ বোকাজান মহকুমাৰ অজনজাতি সকলৰ ৰাজনৈতিক সুৰক্ষা, অধিকাৰ আৰু ন্যায় বিচাৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ 

স্মাৰক পত্ৰত উল্লেখ কৰা মতে ৭৫ % অজনজাতি বসতিপ্ৰধান বোকাজান মহকুমা ভৌগোলিকভাৱে এক ভৈয়াম অঞ্চল আৰু ১৯৫১ চনৰ পিয়ল অনুসৰি এই অঞ্চলত কোনো জনজাতি গাওঁ নাছিল ৷ পৰৱৰ্তী সময়তহে জনজাতি আদৰ্শ গাওঁ গঠন কৰি বিভিন্ন প্ৰান্তৰৰ লোকক সংস্থাপিত কৰিছিল ৷ বৃটিছৰ সময়ত বৰ্তমানৰ বোকাজান মহকুমাৰ অন্তৰ্গত এই অঞ্চলটো শিৱসাগৰ জিলাৰ গোলাঘাট সদৰৰ পৰা স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত হৈছিল ৷ কিন্তু ১৯৫১ চনৰ ১৭ নৱেম্বৰত গঠন হোৱা মিকিৰ হিলছ ডিষ্ট্ৰিক্টত  ৪৩৮৭.১২ বৰ্গকি:মি:ৰ এই অজনজাতি প্ৰধান অঞ্চলটো ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰি অজনজাতিৰ অধিকাৰৰ লগতে সুৰক্ষাৰ বিঘ্নিত কৰি তোলাৰ অভিযোগ তুলিছে সংগঠনটোৱে ৷ 

সেয়েহে স্মাৰক পত্ৰৰ জৰিয়তে সংগঠনটোৱে বোকাজান মহকুমাক অতি শীঘ্ৰে অসমৰ ভিতৰত এখন ষষ্ঠ অনুসূচী মুক্ত ভৈয়াম জিলা হিচাবে গঠন কৰাৰ দাবীৰ লগতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ নতুন নীতি নিৰ্ধাৰণৰ বাবে মুখ্য কাৰ্যবাহীৰ অধীনত গঠন হোৱা সমিতিখন ভঙ্গ কৰিবলৈ দাবী জনায় ৷ যিহেতু নতুন নীতি নিৰ্ধাৰণে জিলাখনৰ অজনজাতি সকলক স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ আশংকা ব্যক্ত কৰে সংগঠনটোৱে ৷ আনহাতে এই স্মাৰকপত্ৰৰ যোগেদি জিলাখনৰ অজনজাতি সকলক অতিশীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিবলৈও দাবী জনায় বোকাজান জিলা দাবী সমিতিয়ে ৷সংগঠনটোৱে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশলৈও প্ৰেৰণ কৰে ৷

প্ৰাণদ্বীপ চেতিয়া, ব্যুৰ' কাৰ্বি আংলং