গান্ধীজীৰ চহৰতে গান্ধীৰ আদৰ্শ শিকাব নোৱাৰি

নতুন দিল্লীঃ গান্ধীজীৰ গৃহ ৰাজ্য গুজৰাটত এতিয়া আৰু তেওঁৰ আদৰ্শৰ বিষয়ে কোনেও নুশুনে। আহমেদাবাদ বিশ্ববিদ্যালয়ে গান্ধীজী সন্দৰ্ভত আয়োজন কৰা এক নুষ্ঠানত অংশ নলয় বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহই। 

আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গুহৰ আমন্ত্ৰণৰ বিৰোধিতা কৰি অনুষ্ঠানটো বাতিলৰ দাবী জনাই আছে।

আজি টুইটাৰযোগে গুহই কয় যে পৰিস্থিতি তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবে তেওঁ আহমেদাবাদ বিশ্ববিদ্যালয়ৰ বাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। তেওঁ লগতে কয় যে গান্ধীজীৰ চহৰত গান্ধীৰ আদৰ্শ শিকাব নোৱাৰি।

যোৱা ১৬ অক্টোবৰত বিশ্ববিদ্যালয়খনে ঘোষণা কৰিছিল যে ইতিহাসবিদ গুহই সৈনিক লালভাই আসন অলংকৃত কৰি ভাষণ প্ৰদান কৰিব। প্ৰথমে তেওঁ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি কথা দিছিল যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কাৰ্যসূচী দুমাহলৈ পিচুৱাই দিছিল।

ভাৰতবিৰোধী লেখাৰ অভিযোগ কৰি এ ভি বি পিয়ে ডঃ গুহৰ নিমন্ত্ৰণক বিৰোধিতা কৰিছিল।