
জয়ন্ত মুদৈ, নগাঁওঃ একো একোটা অঞ্চলৰ আৰ্থ-সামাজিক দিশটো প্ৰকৃতাৰ্থত নিৰ্ভৰ কৰে সেই অঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত৷ কিন্তু যেতিয়া কোনো এটা অঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাটো একেবাৰে পয়ালগা অৱস্থালৈ গতি কৰে বা পুতৌজনক হৈ পৰে, ঠিক তেতিয়াই সহজে অনুধাৱন কৰিব পাৰি সেই অঞ্চলৰ প্ৰকৃত সামগ্ৰিক উন্নয়ণৰ দিশটোৰ৷
এইক্ষেত্ৰত বটদ্ৰৱা সমষ্টিৰ এলেকাধীন মিকিৰভেটা ৰাজহ-চক্ৰৰ চাবুকধৰা আৰু ভকতগাঁও গাঁও পঞ্চায়ত দুটাৰ কথাকে দাঙি ধৰিব পাৰি৷ আজিৰ বুলেট ট্ৰেইনৰ যুগতো এই পঞ্চায়ত দুটাৰ যাতায়াত ব্যৱস্থাৰ জৰাজীৰ্ণ ৰূপটোয়ে স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে উন্নয়ণৰ ফোপোলা স্বৰূপ৷
বিশেষকৈ পঞ্চায়ত দুটাৰ মাজেৰে পাৰ হৈ যোৱা সোণাই নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা৷
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি উক্ত পঞ্চায়ত দুটাৰ ডেৰ কুৰিৰো অধিক সৰু-বৰ গাঁৱৰ ৰাইজে এই ভগা-ছিগা বাঁহৰ দলংখনেৰে মৰণত শৰণ দি যাতায়াত কৰি আহিছে৷ দলংখনৰ দক্ষিণ প্ৰান্তৰ ৰাইজে চিকিৎসালয়, আৰক্ষী থানা, সাপ্তাহিক বজাৰ, উচ্চ শিক্ষানুষ্ঠান, বেংক আদিলৈ নিতৌ বিভিন্ন কামত অহা-যোৱা কৰিব লাগে এই বাঁহৰ দলংখনেৰে৷ এইক্ষেত্ৰত কণ কণ ছাত্ৰ-ছাত্ৰী, মহিলা তথা ৰোগীয়া লোকসকল জহি-খহি যোৱা এই দলংখনেৰে কিদৰে বিপদজনকভাৱে পাৰ হ’ব লাগে তাক নেদেখিলে কল্পনাই কৰিব নোৱাৰি৷
তদুপৰি নদীখনৰ দুয়োপাৰৰ কৃষকসকলে কৃষি-কৰ্ম সম্পাদন কৰাৰ বেলিকা ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে৷ কাৰণ কৃষি-কাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বা উৎপাদিত ফচল আদি এই বাঁহৰ দলঙেৰে পাৰ কৰিব নোৱাৰাত বহু দূৰ বাট ঘীৰিহে এইবোৰ সৰবৰাহ কৰিবলগীয়া হয়৷
ইফালে বাৰিষা আকৌ দলংখনেৰে যাতায়াত ব্যাহত হৈ পৰাৰ হেতু গঞা ৰাইজে উপায়ান্তৰ হৈ টুলুঙা নাৱেৰে এই নদীখন পাৰ হ’বলগীয়াত পৰে৷
কিন্তু বিগত সময়ছোৱাত বহুবাৰ স্থানীয় জনপ্ৰতিনিধি আৰু গড়কাপ্তানী বিভাগক দুৰ্ভগীয়া ৰাইজে এই অসুবিধাৰ কথা অৱগত কৰি আহিছে যদিও কোনোয়েই ৰাইজৰ কথাত গুৰুত্ব আৰোপ কৰা নাই৷ আনকি পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰখনৰ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক এই বাঁহৰ দলংখনৰ বিষয়ে বাৰম্বাৰ ৰাইজে দৃষ্টি আকৰ্ষণ কৰি আহিছে যদিও বহুবল্কী বিধায়িকাগৰাকীকে প্ৰতিবাৰেই প্ৰতিশ্ৰুতিহে দি আহিছে যদিও তাৰ বাহিৰে কাৰ্যক্ষেত্ৰত একোয়েই কৰা নাই বুলি ভুক্তভোগী ৰাইজে ক্ষোভ উজাৰিছে৷
অভিযোগ মতে, বিধায়িকাগৰাকীয়ে নিজৰ কাৰ্যকালৰ আঢ়ৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো এবাৰলৈও উক্ত স্থানলৈ আহি ৰাইজৰ যাতায়াতৰ এই দুৰৱস্থা প্ৰত্যক্ষ কৰিবলৈ আহা নাই৷ আনকি কেইদিনমানৰ পূৰ্বে নদীখনৰ এই স্থানৰপৰা কিছু নিলগত আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈছিল যদিও জৰাজীৰ্ণ বাঁহৰ দলংখন চাই যোৱাৰ কিন্তু প্ৰয়োজন বোধ নকৰিলে বটদ্ৰৱা সমষ্টিক জাকত জিলিকা কৰাৰ সপোন দেখা বিধায়িকাগৰাকীয়ে৷ কাজেই, বিধায়িকাগৰাকীৰ এনে আওকণীয়া মনোভাবক স্থানীয় ৰাইজে ধিক্কাৰ দিয়াৰ বিপৰীতে সমাগত পঞ্চায়ত নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিছে।