৭০ সংগঠনৰ দিশপুৰ অভিমুখী সংকল্প যাত্ৰা আৰম্ভ

বিলাসীপাৰাঃ অসমৰ ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত নামনি অসমৰ চাৰিখন জিলা সামৰি দেওবাৰে ধুবুৰীৰ বিলাসীপাৰাৰপৰা দিশপুৰলৈ সংকল্প যাত্রা আৰম্ভ কৰা হয়। 

এই মটৰ চাইকেল ৰেলী ১৬ নৱেম্বৰত ৰাজধানী দিশপুৰত অন্ত পৰিব আৰু এই ৰেলীত অসমৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি দাবী কৰে সংগঠনকেইটাই৷

জাতিধ্বংসী বিধেয়ক বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি সংগঠনসমূহৰ নেতা-কৰ্মীয়ে চৰকাৰক সকীয়াই দিয়ে। 

উক্ত সংকল্প যাত্রাত অংশ গ্ৰহণ কৰা নেতা-কৰ্মীৰ মাজত আছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হক, কোকোৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানিক আলী, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি ইনামুল হক, ৰাতুল হক, আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেলোৱাৰ হুছেইন, বিলাসীপাৰা জিলা আমছুৰ প্ৰাক্তন সভাপতি ফজৰ আলী মণ্ডলকে ধৰি বিভিন্ন সংগঠনৰ প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মী।