
কৰিমগঞ্জঃ কৰিমগঞ্জ ৰে’ল ষ্টেচনত সোমবাৰে ১৪ কোটি টকাৰ নিচাযুক্ত টেবলেট আৰ পি এফে জব্দ কৰে৷ ত্রিপুৰালৈ নিয়াৰ পথত যাত্রীবাহী ৰে’ল এখনত নিয়মীয়া তালাচীৰ সময়ত এই নিচাজাতীয় ঔষধ ধৰা পেলোৱা হয়৷
সোমবাৰে পুৱা শিলচৰৰপৰা আগৰতলা অভিমুখী যাত্রীবাহী ৰে’লখন কৰিমগঞ্জ জংছন আহি পোৱাৰ সময়ত আৰ পি এফৰ এছ আই বেনুধৰ মেধিৰ নেতৃত্বত প্রতিটো দবাত তালাচী চলাই থাকোতে এটা পৰিত্যক্ত বেগ উদ্বাৰ হয়।
গৰাকীবিহীন বেগটোৰ ভিতৰত আৰু দুটা বেগ আছিল। ইয়াত ১৪০ টা ডাঙৰ পেকেটৰ ভিতৰত ১৪০০ টা আৰু সৰু পেকেটত মুঠ ২ লাখ ৮০ হাজাৰটা টেবলেট পোৱা যায়। আৰক্ষীয়ে সন্দেহ কৰা মতে টেবলেটসমূহ ম্যানমাৰৰপৰা মণিপুৰ হৈ শিলচৰ আৰু আগৰতলা হৈ বাংলাদেশলৈ লৈ যোৱা হৈছিল। এই ঔষধখিনিৰ মূল্য ১৪ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই ঘটনাত কোনো লোককে আটক কৰিব পৰা হোৱা নাই৷