বটদ্ৰৱাত ছাত্ৰ সন্থাৰ জোৰ লৈ প্ৰতিবাদী সমদল

বটদ্ৰৱাঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষনা কৰা প্ৰতিবাদী কাৰ্যসূচী অনুসৰি কালি নগাঁও জিলাৰ বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বটদ্ৰৱাত জোৰ লৈ প্ৰতিবাদী সমদল উলিওৱা হয়৷ 

আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ শ্বহীদ বেদীৰ পৰা বাংলাদেশী হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বালাংদেশী প্ৰীতি ত্যাগ কৰক, জাতি-মাটি-ভেটি ৰক্ষা কৰক আদি শ্ল’গান দি সমগ্ৰ বটদ্ৰৱা এলেকাত সমদল কৰি পুনৰ শ্বহীদ বেদীত সমবেত হৈ কোনো মূল্যৰ বিনিময়ত বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বৃহত্তৰ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ দিয়া নহ’ব বুলি সকিয়নী প্ৰদান কৰে৷

উল্লেখযোগ্য যে, নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱাৰ লগতে অন্যান্য স্থানটো আঞ্চলিক ছাত্ৰ সন্থাই জোৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদী সমদল উলিওৱাৰ বাতৰি সম্প্ৰচাৰিত হৈছে৷