এপষেক ধৰি সম্ভেদ নাই ছাত্ৰৰ

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ অঞ্চল ঘাঁহী ভাটিকুৰিৰ মালা বৰাৰ ঘৰত থাকি পঢ়া-শুনা কৰা বিমান টকবি নামৰ এজন ছাত্ৰ যোৱা ৫ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে৷ ঘাঁহী ভাটিকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰজনৰ প্ৰকৃত ঘৰ কাৰ্বি আংলং জিলাত।

মালা বৰাৰ তত্বাৱধানত থাকি পঢ়া-শুনা কৰা ছাত্ৰজন নিখোজ হোৱাৰ বিষয়ে ইতিমধ্যে ৰহা আৰক্ষী থানাতো এজাহাৰ দাখিল কৰা হৈছে। বিগত এপষেক ধৰি নিৰুদ্দিষ্ট ছাত্ৰজনৰ কাৰ্বি আংলঙৰ পৰিয়ালৰ লগতে শৈক্ষিক অভিভাৱক মালা বৰাৰ আত্মীয়-স্বজনে বহু বিচাৰ-খোঁচাৰ কৰিছে যদিও বৰ্তমানলৈকে নিখুজ ছাত্ৰজনৰ কোনো সম্ভেদ বাহিৰ হোৱা নাই।

কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনৰ কিবা সন্ধান পালে ৬০০০৩-৮৩৭৮৫ ম’বাইল নম্বৰ বা নিকটৱৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই৷