কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিক আটক

♦ ছাত্ৰনেতাজনৰ মুক্তিৰ দাবীত ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ ঘোষণা কে এছ এৰ

কাৰ্বি আংলং ব্যুৰ': কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰাজহুৱা সভাত অসাংবিধানিক ভাষণ দিয়া আৰু উক্ত ভাষণ ফেচবুকত আপলোড কৰাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমিয়ন ৰংফাৰক আৰক্ষীয়ে আটক কৰে৷

তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবীৰাম ৰংহাঙে ডিফু সদৰ থানাত তৰা গোচৰৰ ভিত্তিত আটক ছাত্ৰনেতা ছেমিয়ন ৰংফাৰ আৰক্ষীয়ে আতক কৰে৷

ছাত্ৰনেতাজনক এনেদৰে আটক কৰাৰ প্ৰতিবাদত আৰু বিনা চৰ্তে ছাত্ৰনেতাজনক মুক্তিৰ দিয়াৰ দাবীত দেওবাৰৰ পুৱা ৫ বজাৰপৰা ৩৬ ঘন্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান দিছে কে এছ এই৷