পৰাজিত প্ৰাৰ্থীয়ে দিলে ভোজ... প্ৰতিদ্বন্দ্বীয়ে আমন্ত্ৰণ পালেনে?

নগাঁওঃ যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজনৈতিক তথা নিৰ্বাচনী হিংসাৰ ফলত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া মিলনৰ এনাজৰী একপ্ৰকাৰে বিনষ্ট হোৱাৰ উপক্ৰম হৈছে, ঠিক সেই  সময়তে নিৰ্বাচনত পৰাজিত নগাঁও জিলাৰ এগৰাকী প্ৰাৰ্থীয়ে পঞ্চায়তটোৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত সম্প্ৰতিৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোং জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ২৩ নং কুজিদাঁহ-জামুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল অৰুণ চন্দ্ৰ দাস নামৰ ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত লোক। নিৰ্বাচনত তেওঁ নিজা দলৰ সমৰ্থকক লগত লৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছিল যদিও বি জে পি প্ৰাৰ্থী ভদ্ৰ বৰাৰ হাতত পৰাজিত হ'বলগীয়া হয়।

কিন্তু নিৰ্বাচনত পৰাজিত হ'লেও তেওঁ হতাশাত ভাগি নপৰিল। ইয়াৰ বিপৰীতে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ এদিন পাছতেই তেওঁ ঘৰত এক মহাভোজৰ আয়োজন কৰি দলীয় কৰ্মী-সমৰ্থক আৰু ৰাইজক আমন্ত্ৰণ কৰি আনি আপ্যায়ন কৰে। তেওঁ আনকি এই ভোজলৈ নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱা একাংশ লোককো আমন্ত্ৰণ কৰি আপ্যায়ন কৰে।

ৰাইজেও নিৰ্বাচনী সংঘাতৰ কথা পাহৰি আনন্দ মনৰেই পৰম তৃপ্তিৰে মাছে-মঙহেৰে উদৰ পূৰাই ভোজ-ভাত খায়। কাজেই, এই ভোজমেলে স্থানীয় অঞ্চলৰ ৰাইজক নিৰ্বাচনী তিক্ততা পাহৰাই পুনৰ একত্ৰিত হোৱাৰ সুযোগ দিলে।

ইফালে, নিৰ্বাচনত পৰাজিত হৈয়ো এইদৰে ভোজমেল আয়োজন কৰাৰ সন্দৰ্ভত পৰাজিত প্ৰাৰ্থী অৰুণ চন্দ্ৰ দাসে সাংবাদিকৰ আগত কয় যে তেওঁ নিৰ্বাচনত পৰাজিত হ'লেও অলপো হতাশ হোৱা নাই। কিয়নো নিৰ্বাচনত কোনো এটা পদত  প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীৰ বিজয় সম্ভৱ নহয়। এটা পদত মাত্ৰ এজনহে বিজয়ী হ'ব। বাকী সকল পৰাজিত হ'বই লাগিব৷

দাসে লগতে দলীয় কৰ্মী আৰু সমৰ্থক সকলৰ মনোবল যাতে ভাগি নাযায় তাৰ বাবে তেওঁলোকক উৎসাহিত কৰিবলৈ আৰু দলৰ হৈ কাম কৰি যাবলৈ প্ৰেৰণা যোগাবলৈকে এই ভোজমেল আয়োজন কৰা বুলি উল্লেখ কৰি নিৰ্বাচনী তিক্ততা পাহৰি পুনৰ ৰাইজক একত্ৰিত হ’বলৈ সকলোকে আহ্বান জনায়।

নিৰ্বাচনত পৰাজয় বৰণ কৰিও অৰুণ চন্দ্ৰ দাসে এইদৰে গঞা ৰাইজৰ মাজত ৰাজনৈতিক হিংসাৰ বিপৰীতে দেখুৱাওৱা সম্প্ৰীতি নিৰ্দশনক সচেতন মহলে শলাগ লৈছে।