পুনৰ ভঙা-পতাৰ ৰাজনীতিত ব্যস্ত মৰিগাঁও পৌৰসভা

♦ উন্নয়নৰ পুঁজি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰাৰা অভিযোগত অনাস্থা

♦ মৰিগাঁও বি জে পিত জোকাৰণি

মৰিগাঁৱৰ ব্যুৰ': মৰিগাঁও ৰাইজৰ উন্নয়নৰ প্ৰতি কোনো ধৰণৰ গুৰুত্বৰ আৰোপ নকৰি একমাত্ৰ ক্ষমতা লাভৰ বাবেই পুনৰ ভঙা-পতা ৰাজনীতি আৰম্ভ হৈছে মৰিগাঁও  পৌৰসভাত।

বিশেষকৈ মৰিগাঁও পৌৰসভাৰ মজিয়াত শাসকীয় বি জে পিৰ সদস্যসকলৰ মাজতেই ক্ষমতা লাভৰ বাবে চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজে বি জে পিৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

বিগত পৌৰসভা নিৰ্বাচনৰ পাছৰেপৰা চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবেই সম্প্ৰতি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল মৰিগাঁওবাসীয়ে। পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈক ক্ষমতাৰ অপব্যৱহাৰ, মইমতালি, স্বজন-তোষণ আদিৰ অভিযোগত ক্ষমতাচ্যুত কৰাৰ পাছত পুনৰ ডেৰ বছৰৰ বিৰতিত বৰ্তমানৰ পৌৰপতি মধুস্মিতা গোহাঁই ডেকা অনাস্থা প্ৰস্তাৱৰ সন্মুখিন হবলগীয়াত পৰিছে।

বৰ্তমানৰ পৌৰপতি মধুস্মিতা গোহাঁই ডেকা অনাস্থা প্ৰস্তাৱৰ সন্মুখিন হ'বলগীয়া হোৱা কাৰণ হৈছে চৰকাৰৰ আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰি পৌৰসভাৰ উন্নয়ণ স্থবিৰ কৰা আৰু ৱাৰ্ড সদস্যসকলৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা নকৰাৰ অভিযোগ।

১১ জনীয়া মৰিগাঁও পৌৰসভাৰ সদস্যসকলৰ ভিতৰত বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱৰ সপক্ষে স্বাক্ষৰ কৰে ৮ জনকৈ ৱাৰ্ড সদস্যই। তদুপৰি ১১ জনীয়া পৌৰসভা খনত  বি জে পিৰ ৬ জন, কংগ্ৰেছৰ ৪ জন আৰু অ গ পৰ আছে এজন সদস্যৰ।

আজি মৰিগাঁও জিলা উপায়ুক্তক দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ পত্ৰত স্বাক্ষৰ কৰা  বি জে পি ৱাৰ্ড সদস্যসকল হৈছে ময়মুল চুলতান,পূৰ্ণিমা ৰায়, ৰঞ্জিত কুমাৰ ডেকা, লোহিত কলিতা আৰু পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈ। কংগ্ৰেছৰ ৱাৰ্ড সদস্য ভিতৰত আছে চেহনাজ খানম আৰু শ্ৰীমন্ত মেধী। অ গ পৰ মঞ্জু শৰ্মা।

অনাস্থা পত্ৰত স্বাক্ষৰ নকৰা ৱাৰ্ড সদস্য সকলৰ ভিতৰত আছে কংগ্ৰেছৰ জুলি নিৰ্মলীয়া আৰু ধনেশ্বৰ দাস। উল্লেখ্য যে  বি জে পিৰ দখলত থকা মৰিগাঁও পৌৰসভাত বি জে পি সদস্যসকলেই বি জে পিৰ পৌৰপতিৰ বিৰুদ্ধে বাৰে বাৰে অনাস্থা প্ৰস্তাৱৰে মৰিগাঁও পৌৰসভা ভঙা-পতা কৰি উন্নয় ব্যাহত কৰি তুলাত বি জে পিৰ নেতৃত্বৰ যে নিজ দলৰ নেতা-কৰ্মীসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই সেয়া বহিঃপ্ৰকাশ ঘটা বুলি চৰ্চিত হৈছে মৰিগাঁৱৰ ৰাজনৈতিক মহলত।

ইফালে মৰিগাঁও নগৰৰ পথ উন্নয়নৰ নামত আৱন্টিত ধনৰ ভাগ-বতৰাক লৈ মৰিগাঁও পৌৰসভাত এই ৰাজনীতি আৰম্ভ হোৱা বুলিও সৰব চৰ্চা চলিছে। এই ক্ষেত্ৰত বি জে পিৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।