আৰক্ষীৰ সাফল্য, গঁড় হত্যাকাৰী মিৰ্জাদ আলিক গ্ৰেপ্তাৰ

শোণিতপুৰঃ শোণিতপুৰ আৰক্ষীৰ সাফল্য৷ জ্যেষ্ঠ আৰক্ষী উপ-পৰিদৰ্শক জয়শংকৰ ওৱৰীৰ নেতৃত্বৰ এটা আৰক্ষীৰ দলে নগাঁৱৰ ৰূপহীৰপৰা দুধৰ্ষ চোৰাং গঁড় চিকাৰী মিৰ্জাদ আলিক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

বন বিভাগৰ সূত্ৰে জানিব পৰামতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সময়ত ২১ টা গঁড় হত্যা কৰি অসম আৰক্ষী আৰু বন বিভাগৰ নিদ্ৰা হৰণ কৰা ৰাজ্যখনৰ এক নম্বৰ দুধৰ্ষ গড়ঁ চিকাৰী চতিয়া কৰৈয়নীৰ ভোজমাৰীৰ আব্দুল মহম্মদৰ পুত্ৰ মিৰ্জাদৰ পৰা ২ টা ৩-০-৩ ৰাইফল আৰু ৬০ ৰাউণ্ড জীৱন্ত গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷