মণিপুৰৰ সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ চৰকাৰলৈ ন্যায়ালয়ৰ জাননী

ইম্ফলঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰলৈ নিক্ষেপ কৰা মণিপুৰৰ সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমৰ গোচৰ সন্দৰ্ভত মণিপুৰ উচ্চ ন্যায়ালয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে৷

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘কাঠপুতলা’ বুলি সাংবাদিকজনে ফেচবুকত এটা প'ষ্ট দিছিল৷ ইয়াৰ পাছতে তেওঁ চৰকাৰে আটক কৰি অৱশেষত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে৷ 

এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে কিশোৰচন্দ্ৰই উচ্চ ন্যায়ালয়ত আবেদন জনোৱাত ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰি ১ ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে৷

কিশোৰচন্দ্ৰৰ অধিবক্তা শ্ৰীজি ভাৱছাৰে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা মাৰ্কাণ্ডে কাটজুৰ পৰামৰ্শ গ্ৰহণ কৰে৷ কাটজুই কয় যে কিশোৰচন্দ্ৰ ওৱাং খেমৰ অধিবক্তা শ্ৰীজি ভাৱছাৰৰপৰা মই এখন ই-মেইল পাইছোঁ৷ সাংবাদিকজনে মণিপুৰ চৰকাৰ আৰু মুখমন্ত্ৰীজনক সমালোচনা কৰাৰ বাবেই স্বৈৰাছাৰী শাসকৰ দৰে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল৷ এইয়া ৰাজ্য চৰকাৰৰ ক্ষমতা আৰু আইনৰ অপ-প্ৰয়োগৰ বাদে আন একো নহয়৷

উল্লেখ্য যে মণিপুৰত আৰ এছ এছে ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জন্ম-জয়ন্তী উদযাপন কৰিবলৈ লোৱাত সাংবাদিকজনে ৰাজ্যখনত স্বাধীনতা যুঁজাৰুসকলক পাহৰি নাযাবলৈ সকীয়াই দিছিল৷