বগীবিলত সুৰাৰ ঢল... সাৰ-সুৰ নাই আৰক্ষী-আবকাৰী বিভাগৰ

♦ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰি বগীবিলৰ দলঙৰ কাষত সুৰাৰ বেহা 

ছৈয়দ মুদ্দাশচীৰ ৰমিজঃ বৰদিনৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বগীবিল দলং ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিলে। আধাৰশিলাৰ দুই দশকৰ পাছত দেশৰ ভিতৰতে সৰ্বদৈৰ্ঘ্যৰ ৰে'ল-ৰোড দলংখনত গাড়ী-মটৰ চলিব পৰা হোৱাত স্বাভাৱিকতেই সকলোৰে মন আনন্দৰে ভৰি পৰিছে।

কিন্তু এই আনন্দ উদযাপনৰ বাবে একংশ লোকে দেশী-বিদেশী সুৰা সেৱন কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। 

দলং চাবলৈ অহা পৰ্যটকৰ ভিৰৰ সুবিধা লৈ একাংশ লোকে নাবালক কিশোৰ-কিশোৰী আৰু শিশুৰ সন্মুখতে মুকলিকৈ সুৰাৰ বটল বিক্ৰী কৰা কাৰ্যই যে সামাজিক অসচেতনতাই উন্মোচন কৰিছে এনে নহয়, ই বহু কিশোৰ-কিশোৰীক অবাটে যাবলৈ প্ৰৰোচিত কৰিব।

এনে অসামাজিক তথা অবৈধ কামত বাধা দিবলৈ যেন কোনো নাই! গভীৰ নিদ্ৰাত আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসন।

দলংখন চাবলৈ বিভিন্ন প্ৰান্তৰপৰা পৰ্যটকৰ ভিৰ কৰা দেখা গৈছে। বহু লোকে নতুন দলংখনৰ কাষত বনভোজ খাই আনন্দ কৰাও দেখা গৈছে।

এই ভিৰৰ সুবিধা লৈ দলংৰ কাষত থকা বালি চাপৰিত একাংশ লোকে হোটেল দিয়ে। হোটেলত চাহ, ভাত, ৰুটিকে ধৰি নানা তৰহৰ খাদ্য সামগ্ৰী পোৱা যায়। অস্থায়ীভৱে হ'লেও এই হোটেলসমূহ থকাৰ বাবে ৰাইজৰ সুবিধা হৈছে।

এইখিনিলৈকে থিকেই আছিল। পিছে একাংশ হোটেলত দৃষ্টিকটুভাৱে বিক্ৰী হৈ আছে দেশী-বিদেশী সুৰা। এই সুলভ সুৰা সেৱন কৰি বহুতে তেওঁলোকৰ নিজৰ জীৱনৰ লগতে পৰিয়াল আৰু বন্ধুবৰ্গৰ জীৱনক লৈ হেতালি খেলিছে। কাৰণ সুৰাসক্তসকলেই নিজ নিজ ঘৰলৈ গাড়ী চলায়েই ওভতি যায়।

ঢলা-শদিয়া দলঙত সংঘটিত হৈছে বহুতো দুৰ্ঘটনা আৰু অধিকাংশ দুৰ্ঘটনাৰ বাবে সুৰাই জগৰীয়া। গতিকে সুৰাৰ অবৈধ বেহা বন্ধ নকৰিলে ঢলা-শদিয়াত সংঘটিত হোৱাৰ দৰে বগীবিল দলঙতো দুৰ্ঘটনাৰ হোৱাৰ সম্ভাৱনা আছে।

বগীবিলৰ দলঙত পহৰা দিবৰ বাবে আৰু পৰ্যটকৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে বহু জোৱান নিযুক্ত কৰিছে। কিন্তু এই কৰ্তব্যৰত আৰক্ষীৰ নাকৰ তলতে কেনেদৰে এই অবৈধ সুৰাৰ ব্যৱসায় চলিছে, সেয়া এতিয়া সচেতন ৰাইজৰ বাবে ডাঙৰ প্ৰশ্ন। আৰক্ষীৰ আৰু এই ব্যৱসায়ীসকলৰ মাজত গোপন বুজা বুজি থকাৰো সন্দেহ কৰিছে স্থানীয় লোকে।

ৰাজ্যত এটা আবকাৰী বিভাগো আছে আৰু সুৰাৰ ক্ৰয়-বিক্ৰয়ৰ বিধি-নিয়ম প্ৰচলিত হৈ থকাৰ মাজতে এনেদৰে কেনেকৈ পুৱাৰপৰা নিশালৈকে মুকলিকৈ সুৰা বিক্ৰী কৰি থাকিব পাৰে সেয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন।