বালিপৰাত অংগনাৱাড়ী কৰ্মীৰ ধৰ্ণা

তেজপুৰঃ মঙলবাৰৰপৰা দেশজুৰি আৰম্ভ হোৱা ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহৰ সাধাৰণ ধৰ্মঘট আৰু ১২ দফীয়া দাবীৰ সমৰ্থনত বুধবাৰে চিটুৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপয়ন কৰা হয়৷

বালিপৰাৰ অংগনাৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বালিপৰাস্থিত সংহত বিকাশ কেন্দ্ৰৰ সন্মুখত শ্ৰমিকক প্ৰাপ্য মজুৰি দিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মহিলা বিৰোধী মোদী চৰকাৰ হায় হায়, আদি বিভিন্ন শ্ল’গান দি কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷