
লিডুঃ গুৱাহাটীৰ কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন ঘোষণাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো শ্ৰেণী বৰ্জন ঘোষণা কৰিছে৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিধেয়কখন বাতিল নকৰাৰ পৰ্যন্ত তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে৷
তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব খোজা কাৰ্যক অসমীয়াৰ অস্তিত্ব ধ্বংসৰ অভিসন্ধি বুলি আখ্যা দি বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা বৰ্জন আৰু ৰে’ল অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ প্ৰদান কৰে৷