মুখ্যমন্ত্ৰী নহয়, সৰ্বানন্দ সোণোৱালক 'ৰবট' আখ্যা পৰেশ বৰুৱাৰ

গুৱাহাটীঃ 'অসমৰ ৰবট মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ মতিভ্ৰম হৈছে। সেয়ে তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসমৰ জনগণে অধিকাৰ সাব্যস্ত কৰিবলৈ যাওতে এনে লম্ফ-জম্ফ কৰিছে।’-বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পিছতে এই মন্তব্য কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

কেবাটাও স্থানীয় টিভি চেনেললৈ টেলিফোন কৰি বিদ্ৰোহী নেতাজনে ৰাজ্য চৰকাৰখনক সকীয়াই দিয়ে যে অসমৰ ৰাইজক আভুৱা ভাৰিবলৈ চেষ্টা কৰাৰ পৰিণাম সৰ্বানন্দ সোণোৱালে ভোগ কৰিবই লাগিব। ভাৰতত গণতন্ত্ৰৰ নামত প্ৰহসন চলিছে বুলিও তেওঁ অভিযোগ কৰে।

'গণতন্ত্ৰ থকা হ’লে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা বাবে ভাৰত ৰাষ্ট্ৰই দেশদ্ৰোহৰ গোচৰ জাপি নিদিলেহেতন।’- সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে 'ৰবট' আখ্যা দি পৰেশ বৰুৱাই কয়।

তেওঁ আৰু কয় যে এই মুহূৰ্তত প্ৰকৃত জাতিদ্ৰোহী হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জাতিদ্ৰোহী মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিধবংসী বিধেয়কৰ বিৰুদ্ধে মাত মতা বাবে ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে যি গোচৰ জাপি দিছে সেয়া উঠাই নল’লে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলিও সকীয়নি প্ৰদান কৰে স্বাধীনতাকামী আলফা নেতাজনে।

'সময় থাকোতেই সৰ্বানন্দ সোণোৱালে নিজৰ ভুল উপলব্ধি কৰা উচিত। তাকে নকৰি থলগিৰি লোকক সংকটলৈ ঠেলি দি এখন অবৈধ আইন জাঁপি দিয়াতো কোনো স্বাধীন জাতিয়ে মানি নলয়।’-ড০ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি পৰেশ বৰুৱাৰ মন্তব্য।