
বৰপথাৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলাই আহিছে সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা৷ ছাত্ৰ একতা সভাই বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট আৰু শ্ৰেণী বৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰে৷
প্ৰতিবাদী কাৰ্য্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰি শীঘ্ৰে জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়৷
দল, সংগঠন আৰু অসমীয়া ৰাইজৰ প্ৰতিবাদে চৰম পৰ্যালয়লৈ ধাৱমান হোৱাৰ পথত যদিও ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰে তিলমানো গুৰুত্ব নিদিয়া কাৰ্যক ছাত্ৰ একতা সভাই ধিক্কাৰ দিয়ে৷
আনহাতে, প্ৰতিবাদী ছাত্ৰ একতা সভাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ চৰকাৰে বাতিল নকৰিলে পৰৱৰ্তী সময়ত আইনখন বাতিল নকৰা পৰ্যন্ত আন্দোলন কৰি যাব ছাত্ৰ সমাজে৷ উল্লেখযোগ্য যে, আন্দোলনৰ সময়ছোৱাত চৰকাৰ তথা প্ৰশাসনৰ কোনো বৰমূৰীয়াকে মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে ছাত্ৰ একতা সভাই৷