সেনাৰ অভিযানত আটক ৭২ মাওবাদী

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিছতে মাওবাদীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সেনাবাহিনী। দেশৰ কেইবাখনো ৰাজ্যত মাওবাদীৰ আক্ৰমণৰ পিছতেই ২৪ এপ্ৰিলৰ পৰা নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে সেনাই৷

এনে এক অভিযানতে ছত্তিসগড়ৰ পৰা ৭২ জন মাওবাদী আটক কৰিছে চিআৰপিএফে৷ অভিযান কালত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ হয়৷ বিগত ২০ দিনত প্ৰায় ৯৮ টা এনে অভিযান চলোৱা হৈছে৷

উল্লেখযোগ্য যে ছত্তিশগড়, পশ্চিমবংগ, ঝাৰখণ্ডকে ধৰি কেইবাখনো ৰাজ্যত বৃদ্ধি হৈছে নক্সাল সন্ত্ৰাসবাদীৰ কুটঘাটমুলক কাৰ্যকলাপ৷ তদুপৰি মাওবাদী সন্ত্ৰাসবাদীয়ে বহু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰে বুলিও উক্ত অঞ্চলসমুহৰ লোকসকলে চিআৰপিএফক জানিব দিছে৷