কহুঁৱাটিত শোকাৱহ পথ দুৰ্ঘটনাত দুজন নিহত, আহত এক

জাজৰিঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কহুঁৱাটিত দেওবাৰে সন্ধিয়া ৬:২৬ বজাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়৷ 

প্ৰাপ্ত তথ্য মতে, গুণজিৎ নাথ (২৪) আৰু ৰাতুল নাথ নামৰ যুৱক দুজনে এছ ০২ কিউ ৪৯১৪ নম্বৰৰ পালচাৰ বাইকেৰে অসম সাহিত্য সভাৰ ৰহাৰ অধিৱেশনৰ পৰা ধিং অভিমুখে আহি থকা অৱস্থাত জাজৰি-ধিং সংযোগী গড়কাপ্তানি পথৰ কহুঁৱাটি চাৰিআলিৰপৰা ১০০ মিটাৰ নিলগত চাইকেল আৰোহী লাল সিং দাস (৬০)ৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংঘটিত হয়।  

ঘটনাস্থলীত লগে লগে বৰিবজাৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত চাইকেল আৰোহী লাল সিং দাসক মৰিগাঁও চিভিল হস্পিটেললৈ লৈ যায় যদিও আধা বাটতেই শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে বাইক আৰোহী যুৱক দুজন ক্রমে গুণজিৎ নাথ আৰু ৰাতুল নাথক আৰক্ষী আৰু আত্মীয় লোকৰ সহযোগত নগাঁৱৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু আধা বাটতে ৰাতুল নাথেও শেষ নিশ্বাস ত্যাগ কৰে। সংকটজনক অৱস্থাত গুণজিৎ নাথক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত ভৰ্তি কৰায়। আৰক্ষী সূত্ৰে জনোৱা মতে চাইকেল আৰোহী লাল সিং নাথৰ ঘৰ কুঁজি সত্ৰত আৰু বাইক আৰোহী দুজনৰ ঘৰ ধিঙৰ ভকত গাঁৱত।