বিধায়িকা আঙুৰলতাৰ সন্মুখতে বি জে পি গুণ্ডাবাহিনীৰ খণ্ড-যুদ্ধ

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত নমা প্ৰতিবাদকাৰীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মঙলবাৰে পুৱাৰ ভাগত সমষ্টিত আয়োজিত এক আধাৰশিলা অনুষ্ঠানলৈ আহিছিল৷ এই কথা আগতীয়াকৈ জানিব পাৰি জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি অহা একাংশ সংগঠনে বিধায়িকাগৰাকীক ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ জনাবৰ বাবে ৰাইদঙীয়াত সমবেত হৈছিল৷ 

বিধায়িকাগৰাকী সাংগোপাংগ লৈ গাড়ীৰে ৰাইদঙীয়াৰ বাছ আস্থান পাঁওতেই একাংশ প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে কেইবাজনো যুৱকে অৰ্দ্ধ উলংগ হৈ বিধায়িকাগৰাকীক গ’ বেক ধ্বনি দিয়ে৷ প্ৰতিবাদকাৰীৰ এনে কাৰ্যত ক্ষোভিত হৈ লগে লগে বিধায়িকাগৰাকীৰ লগত অহা বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰৰ নেতৃত্বত বিজেপিৰ একাংশ কৰ্মী প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে৷ 

ফলত এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হয় দুয়োপক্ষৰ মাজত হতাহতি লাগে৷ বিজেপিৰ গুণ্ডাবাহিনীয়ে কেইবাজনো প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাৰ বিপৰীতে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকলৈ চোঁচা লয়৷ আনকি, এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ কেমেৰা আৰু লেপটপ আঁজুৰি আনি বিজেপিৰ গুণ্ডা বাহিনীয়ে ক্ষতিসাধন কৰে৷ 

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'লে অসমীয়া কলা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সাহিত্য সকলো নিঃশেষ হৈ যাব বুলি জানি বুজিও এই বিধেয়কখনৰ বিৰুদ্ধে ক্ষমতাৰ লোভত বলিয়া স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই মাত নমতাত ক্ষোভিত হৈ ইতিমধ্যে বহুকেইটা সংগঠনে কিছুদিনৰ পূৰ্বে বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত বিধায়িকাগৰাকীৰ বটদ্ৰৱা সমষ্টিত প্ৰবেশ নিষিদ্ধ ঘোষণা কৰাৰ বিপৰীতে যদিহে বিধায়িকাগৰাকী আহে তেন্তে তেওঁলোকে অৰ্ধ উলংগ হৈ ইয়াৰ প্ৰতিবাদ জনাব বুলি হুংকাৰ দিছিল৷ 

সেয়ে আজি সমষ্টিলৈ অহাৰ সময়ত তেনে প্ৰতিবাদৰ আশংকা কৰিয়েই বিধায়িকাগৰাকীয়ে বহুসংখ্যক বিজেপি কৰ্মী লগত লৈ আহিছিল৷ ফলত পূৰ্বৰ ঘোষণা অনুসৰি সংগঠনকেইটাৰ নেতা-কৰ্মীয়ে বিধায়িকাগৰাকীক ৰাইদঙীয়াত তেনে প্ৰতিবাদ সাব্যস্ত কৰোতেই বিধায়িকা আঙুৰলতাৰ সন্মুখতেই প্ৰতিবাদকাৰীৰ ওপৰত বিজেপিৰ গুণ্ডাবাহিনী জঁপিয়াই পৰাত এনে খণ্ড-যুদ্ধৰ সৃষ্টি হয়৷