
নগাঁওঃ নগাঁও জিলাৰ ধিং পৌৰ সভাৰ এলেকাত আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক মঙলবাৰে ধিং আঞ্চলিক ছাত্ৰ সন্থাই ক’লা পতাকা প্ৰদৰ্শন কৰে৷ অসম চৰকাৰৰ পেভাৰ ব্লক আঁচনিৰ ২০১৮-১৯ আৰু গড়কাপ্তানী বিভাগৰ অধীনস্থ ২০১৮-১৯ বৰ্ষৰ এচ অ’ পি ডি শিতানৰ ধন ব্যয়ৰে ধিং পৌৰ সভাৰ ২,৩ আৰু ৪ নং ৱাৰ্ডত পথ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে ধিঙত উপস্থিত হোৱা বিধায়িকাগৰাকীক প্ৰায় অৰ্ধ শতাধিক আছু কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰি "জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, বিজেপি মুৰ্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে৷
ইফালে, আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিধায়িকা গৰাকীয়ে ৰাজ্যখনৰ একাংশ দল-সংগঠনে বিধেয়কখনৰ ভাষা বুজি নোপোৱাৰ বাবেই বিধেয়কখনৰ বিৰোধিতা কৰি আছে বুলি এক তাচ্ছিল্যসূচক মন্তব্য কৰে৷ আনহাতে, ধিং পৌৰ সভাৰ অধীনস্থ পথসমূহৰ উন্নয়নৰ বাবে বিধায়িকাগৰাকীয়ে কৰা আধাৰশিলাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখিত চৰকাৰী আঁচনিৰ অন্তৰ্গত বিশেষকৈ ধিং পৌৰ সভাই নিজাববীয়াকৈ পেভাৰ ব্লক আঁচনিৰ জৰিয়তে ইতিমধ্যে কেইবাটাও পথৰ কাম আৰম্ভ কৰিছে যদিও পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক ৰূপত দুৰ্নীতি সংঘটিত হৈছে বুলি গুৰুত্বৰ অভিযোগ উঠিছে। অভিযোগ মতে, পথসমূহত বিভাগীয়ভাৱে শিল-বালিৰ ডব্লিউ বি এম কৰি চি চি ব্লকৰ গাঁথনি কৰাটো প্ৰয়োজন যদিও ধিং পৌৰ সভাৰ দুজন অভিযন্ত্ৰাৰ নিৰ্দেশমৰ্মে চূড়ান্ত অনিয়মেৰে ডব্লিউ বি এম নকৰাকৈ কেৱল ৰাবিছৰ ওপৰতে ব্লকৰ গাঁথনি কৰা হৈছে৷
যাৰ ফলত গধূৰ যান-বাহনৰ চলাচলে অদূৰ ভৱিষ্যতে পথসমূহ জহি-খহি যোৱাৰ আশংকা কৰিছে সচেতন মহলে৷ সেয়ে দূৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা প্ৰদৰ্শন কৰি অহা সোনোৱাল চৰকাৰৰ বিধায়িকা আঙুৰলতা ডেকাই কেনেধৰণৰ পদক্ষেপ এইক্ষেত্ৰত গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷