সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে চৰকাৰক সহযোগৰ সিদ্ধান্ত সৰ্বদলীয় বৈঠকৰ

নতুন দিল্লীঃ বৃহস্পতিবাৰে পুলৱামাত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰেক্ষাপটত দেশে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাকে লৈ শনিবাৰে এক সৰ্ব দলীয় সভাত আলোচনা কৰা হয়৷ 

সংসদৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখন আহ্বান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ দেশৰ প্ৰায় সকলো ৰাজনৈতিক দলে এই সভাত অংশগ্ৰহণ কৰে৷ 

গৃহমন্ত্ৰী সিঙে পুলৱামাত সংগঠিত এই আক্ৰমণৰ বিষয়ে দলসমূহক ব্যাখ্যা কৰে আৰু এতিয়ালৈকে চৰকাৰে লোৱা সিদ্ধান্তসমূহ অৱহত কৰা হয়৷

এই সৰ্বদলীয় সভাত ভাৰতে সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে তথা দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে প্ৰস্তাৱ লোৱা হয়৷ এই প্ৰস্তাৱসমূহ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া নিৰাপত্তা বিষয়ক কেবিনেটৰ উপ-সমিতিক অৱগত কৰা হ’ব৷