স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰি ফাদিল

মুছলপুৰঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক-মূহুৰ্তত ফাদিল হ’ল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন স্বাস্থ্য বিভাগৰ এক নিযুক্তি কেলেংকাৰি।  যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক নিযুক্তিৰে এই কেলেংকাৰি সংঘটিত কৰা হৈছে।

পোহৰলৈ অহা তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ কৰ্কট হাস্পতালত উচ্চ নম্বৰপ্ৰাপ্তক বঞ্চিত কৰি নিম্ন নম্বৰ প্ৰাপ্তক নিযুক্তি দিছে হাস্পতাল কৰ্তৃপক্ষই। অভিযোগ অনুসৰি জিএমচি এইচৰ নিম্নবৰ্গৰ সহায়ক তথা কম্পিউটাৰ পদৰ বাবে শেহতীয়াকৈ প্ৰকাশিত বিজ্ঞাপন মৰ্মে আবেদন কৰে বাক্সা জিলাৰ মুছলপুৰৰ লাফাকুছিৰ ভাৰত চন্দ্ৰ মেধিয়ে।

পাছত অনুষ্ঠিত লিখিত পৰীক্ষা অনুসৰি জনজাতিৰ বাবে সংৰক্ষিত আসনত মেধিয়ে সৰ্বোচ্চ ৫০ৰ ভিতৰত ৩৫ নম্বৰ লাভ কৰে। সেয়েহে জনজাতিৰ বাবে সংৰক্ষিত একমাত্ৰ পদত মেধিৰ নিযুক্তি নিশ্চিত আছিল যদিও জিএমচিএইচ কৰ্তৃপক্ষই তেওঁক বঞ্চিত কৰি জনজাতি সংৰক্ষিত পদত তেওঁতকৈ কম নম্বৰ লাভ কৰা প্ৰাৰ্থী এজনক নিযুক্তি দিয়ে।

এই লৈ মেধিয়ে জিএমচিএইচ কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে উলিওৱা তথ্যৰ ভিত্তিত সকলো কথা ওলাই পৰে। মেধিয়ে অভিযোগ কৰা অনুসৰি জিএমচিএইচ কৰ্তৃপক্ষই গোপন বুজাবুজিৰে লিখিত পৰীক্ষাৰ ফলাফল ভৰিৰে মোহাৰি তেওঁতকৈ কম নম্বৰ প্ৰাপ্তক নিযুক্তি দিছে।

জিএমচিএইচ কৰ্তৃপক্ষৰ নিযুক্তি কেলেংকাৰী সন্দভর্ত তেওঁ স্বাস্হ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাৰ লগতে উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আবেদন জনাবলৈ সাজু হৈছে।