​পুলৱামা আক্ৰমণত ব্যৱহৃত গাড়ী ধৰা পৰিল চি চি টিভি ফুটেজত

নতুন দিল্লীঃ এখন ৰঙা ৰঙৰ মাৰুতি ইক’ কাৰ! চি আৰ পি এফ ৫৭ খন বাছৰ বৃহৎ কনভয়ৰ সমান্তৰালকৈ বাওঁ দিশেৰে গতি কৰিছে এখন ৰঙা ৰঙৰ ইক’ গাড়ী৷ চি আৰ পি এফৰ ৩ নং বাছখনত থকা নিৰাপত্তাৰক্ষীয়ে অতি কমেও দুই-তিনিবাৰ ইক’ গাড়ীখনৰ চালকক আঁতৰি যাবলৈ চলন্ত বাছৰপৰাই নিৰ্দেশ দিছিল৷

কিন্তু চালকজনে নিৰাপত্তাৰক্ষীজনৰ কথাত গুৰুত্ব নিদি গাড়ীখন এবাৰ কনভয়ৰ ওচৰলৈ আনিছে আৰু এবাৰ আঁতৰাই লৈ গৈছে৷ এনেদৰে ইক’ ভেনখনৰ চালকজনে এক-দুই মিনিট গাড়ীখন ঢলং-পলংকৈ চলাই অৱশেষত তাৰ অসৎ উদ্দ্যেশ্য সফল কৰে৷

ইক’ ভেনখনে কনভয়ৰ পঞ্চমখনত বাছত খুন্দা মাৰি বৃহৎ বিস্ফোৰণ ঘটায়৷ লগে লগে নিথৰ হৈ পৰে ৪২ জন বীৰ জোৱানৰ শৰীৰ৷

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ৰ সূত্ৰই প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ আত্মঘাতী বোমাৰু আদিল আহমেদ ধৰে চলাই নিয়া গাড়ীখনৰ চিচি টিভি ফুটেজ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ 

ফুটেজৰ ভিত্তিতে নিয়াই গাড়ীখনৰ গৰাকীকো চিনাক্ত কৰিছে৷ যোৱা ১৪ ফেব্ৰুৱাৰীত সংঘটিত বোমা আক্ৰমণৰ পাছৰপৰা গাড়ীখনৰ মালিকজন পলাতক হৈ আছে৷ ২০১০-১১ মডেলৰ গাড়ীখন নতুনকৈ ৰং কৰা বুলি সন্দেহ কৰা হৈছে৷ 

উল্লেখ্য যে, চি আৰ পি এফৰ ৭৬ নম্বৰ বেটেলিয়নে ছুটীৰ পাছত শ্ৰীনগৰলৈ কামত যোগদানৰ বাবে আহি আছিল৷ জম্মুৰপৰা তেওঁলোকে পুৱতি নিশা ২ বাজি ৩৩ মিনিটত যাত্ৰা আৰম্ভ কৰিছিল৷ শ্ৰীনগৰ পাবলৈ মাত্ৰ ২৭ কিল’মিটাৰ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল৷