ৰাজ্যজুৰি সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলী

গুৱাহাটীঃ ৰাজ্যজুৰি আজি বিভিন্ন দল-সংগঠন তথা ব্যক্তি-বিশেষে ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ১৯৯৬ৰ আজিৰ দিনটোতে তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে শপতগ্ৰহণ কৰাৰ কেইদিনমানৰ পাছতে নিৰ্ভীক সাংবাদিক দাসক এটা সশস্ত্ৰ দলে গুৱাহাটীৰ মাজ-মজিয়াৰ ৰাজগড়ত বৰ্বৰোচিতভাৱে গুলীয়াই হত্যা কৰে।

কণমানি পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ সময়তে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় সাংবাদিক দাস। তদানীন্তন মহন্ত চৰকাৰে দাসৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰে যদিও সেই ঘোষণা ঘোষণাতে ৰ’ল।

একেদৰে নিষিদ্ধ ঘোষিত আলফায়ো সাংবাদিক দাসৰ হত্যাৰ পোটক লোৱাৰ হুংকাৰ দিছিল। দুৰ্ভাগ্যজনকভাৱে হত্যৰ ২১ বছৰ পাৰ হোৱাৰ পাছতো সাংবাদিকগৰাকীৰ হত্যাকাৰী চিনাক্ত নহ’ল অথবা হত্যাকাৰীয়ে শাস্তি ভোগ নকৰিলে।

সাংবাদিকগৰাকীৰ হত্যাত অভিযুক্ত কৰা ছালফা নেতা মৃদুল ফুকন ওৰফে সমৰ কাকতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিচাৰ চলে যদিও মূৰকত তেওঁক আদালতে দোষমুক্ত ঘোষণা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ ৰায়ৰ পুনৰীক্ষণ প্ৰতিবেদন গ্ৰহণৰ পৰা বিৰত থাকে।

আজি সাংবাদিকগৰাকীৰ হত্যাৰ ২১ সংখ্যক বৰ্ষপূৰ্তিত ৰাজ্যবাসীয়ে তেওঁক গভীৰ শ্ৰদ্ধাৰ সোঁৱৰণ কৰে।নাৰায়ণপুৰ প্ৰেছ ক্লাবেও আজি সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনায। এই উপলক্ষে প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ-বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।