চিলাপথাৰত ভয়াৱহ অগ্নিকাণ্ড

চিলাপথাৰঃ চিলাপথাৰৰ মাজমজিয়াত সোমবাৰে সংঘটিত হয় এক বিধংসী অগ্নিকাণ্ডৰ ঘটনা। 

ৰাইজে বিয়লি প্ৰায় ৬ বজাত বজাৰ সমাৰ কৰি অহাৰ অৱস্থাতে হোৱা-দুৱা লাগে। দৈনিক বজাৰৰ সংলগ্ন ৰাকেশ সিঙৰ বিশালকায় গুডামঘৰৰপৰা আৰম্ভ হয় অগ্নিকাণ্ড। 

দৈৱক্ৰমে পাঁচখনকৈ অগ্নি নিৰ্বাপক বাহনে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। ঘটনাটো কেইবালক্ষ টকাৰ সামগ্ৰী দাহ গ’ল বুলি জানিব পৰা গৈছে৷