গনেশগুৰিত নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত নতুন সংযোজনেৰে ৰাধাগোবিন্দ বৰুৱা পথৰপৰা গণেশগুৰিৰ বিষ্ণু ৰাভা উৰণীয়া সেঁতুক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি, ২০১৮-১৯ৰ অধীনত ৪৭৬ মিটাৰ দীঘল এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে ৫৮.৭৪ কোটি টকা অনুমোদন দিয়া হৈছে আৰু ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। উৰণীয়া সেঁতুখনে গুৱাহাটীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।

বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত এক্ট ইষ্ট প’লিচীৰ জৰিয়তে গুৱাহাটীৰ আন্তঃগাঁথনি দ্ৰুতগতিত উন্নত হৈছে। এই উন্নয়নে গুৱাহাটীক স্মাৰ্ট চিটী আৰু আছিয়ান দেশসমূহৰ দুৱাৰমুখৰূপে গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।