খাৰুপেটীয়া আজমল কলেজত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন

খাৰুপেটীয়াঃ দৰং তথা গোটেই অসমতে শিক্ষা বিভাগত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খাৰুপেটীয়া আজমল কলেজত বুধবাৰে বাৰ্ষিক বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়।  

কলেজখনৰ উপাধ্যক্ষ ৰবিউল ইছলাম, ছাত্ৰ আবু ছালেহ ইমাৰণ আৰু শিক্ষয়িত্ৰী দেলোৱাৰা বেগমত্ৰয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল আওৱাল, দৰং জিলা ছেৰিকালচাৰ মেনেজাৰ আনছাৰুল হক, জ্যেষ্ঠ সাংবাদিক মেচেৰ আলী, সাংবাদিক ইমদাদুল ইছলাম, প্ৰমুখ্যে কেইবাজনো ব্যক্তি।

সভাত বিশিষ্ট অতিথিসকলে আজমল কলেজ কৰ্তৃপক্ষৰ শিক্ষা ব্যৱস্থা আৰু নীতি-নিয়ম আৰু বিদ্যাৰ্থীৰ পঢ়া-শুনা, খেল-ধেমালি তথা অন্যান্য পাৰদৰ্শিতাৰ ওপৰত আলোকপাত কৰি মূল্যৱান বক্তব্য দাঙি ধৰে। 

কলেজৰ অধ্যক্ষ দেলোৱাৰ হুছেইনেও বিদ্যাৰ্থীৰ পাৰদৰ্শিতা আৰু পঢ়াশুনাৰ ক্ষেত্ৰত আৰু অধিক মনোনিৱেশ দিবলৈ আহ্বান জনাই বক্তব্য দাঙি ধৰে। সভাখনত প্ৰতিভা সম্পন্ন কেইবাজনো ছাত্ৰ মুল্যৱান বক্তব্য দাঙি ধৰে। ইয়াৰ পূৰ্বে সভাখনত কলেজৰ বিদ্যাৰ্থীসকলে মঞ্চত স্বচ্ছ ভাৰত অভিযানৰ বাৰ্তাৰে নাট, দেশ ভক্তিমূলক গীত, নৃত্য আদি প্ৰৰিৱেশন কৰি ‌সভাখনত উপস্থিত বিদ্যাৰ্থী, শিক্ষক, অতিথিসকলক মুগ্ধ কৰে।

সভাত যোৱা ২৮ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হৈ ২ মাৰ্চত সম্পন্ন হোৱা বিদ্যালয় সপ্তাহত অনুষ্ঠিত ক্ৰিকেট, দৌৰ, তৰ্ক, কুইজ আদি প্ৰতিযোগিতাত বিজয়ী বিদ্যাৰ্থীসকলক একোখনকৈ মান-পত্ৰ, মেডেল আদিৰে পুৰস্কৃত কৰা হয়।