আটাইতকৈ সন্মানৰ পাত্ৰ নাৰী গৰাকী হ’ল মাতৃঃ জিলা ন্যায় সেৱা প্ৰাধীকাৰিৰ সম্পাদিকা প্ৰনিতা মৰাঙ

নগাঁওঃ 'নাৰী অন্যন্যা‌। সকলো নাৰীকে সম্মান কৰা উচিত। কিন্তু আজিৰ দিনটোত আটাইতকৈ সন্মানৰ পাত্ৰ নাৰী গৰাকী হ'ল মাতৃ। সেয়ে প্ৰত্যেকে প্ৰথমে নিজ মাতৃক সন্মান কৰিব লাগিব।’-- এই মন্তব্য নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত জিলা ন্যায়ায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ।

শুকুৰবাৰে নগাঁৱৰ এলফিনিষ্টন সমূহীয়া ভৱনত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত এইদৰে মন্তব্য কৰি ন্যায়ায়িক দণ্ডাধীশ মৰাঙে কয়, বৰ্তমান সময়ত নাৰী সকলৰ সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হোৱাৰ পিছতো তেওঁলোক প্ৰকৃততে আমাৰ সমাজত সুৰক্ষিত হয় নে? সেয়া এক ডাঙৰ প্ৰশ্ন।

তাৰ উদাহৰণ হিচাপে আন নালাগে নগাঁও জিলাতে ইতিমধ্যে নাৰীৰ ওপৰত কেবাটাও বৰ্বৰ কাণ্ড সংঘটিত হৈ গৈছে। যিটো সভ্য সমাজক নিশ্চিতভাৱে লজ্জানত কৰিছে। ইয়াৰ মূল কাৰণ তেওঁ উল্লেখ কৰি কয়, নাৰী সুৰক্ষাৰ বাবে থকা আইন সমূহৰ জ্ঞান সাধাৰণ মানুহৰ নাই।

তেওঁ আইন সমূহৰ সুবিধা গ্ৰহণ কৰি নাৰী সুৰক্ষা নিশ্চিত কৰাৰ লগতে ইয়াৰ বাবে মহিলাসকল সাহসেৰে আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য উপদেষ্টা ছিৰাজ উদ্দিন আহমেদে সঞ্চালনা কৰা সভাত নগাঁও সদৰ চক্ৰ বিষয়া পঞ্চমী চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয়, সকলো ক্ষেত্ৰতে নাৰীসকলক গণতান্ত্ৰিক অধিকাৰ দিয়া হৈছে।

নাৰীৰ ভুমিকা অতুলনীয় বুলি উল্লেখ কৰি চৌধুৰীয়ে লগতে কয়, এখন সমাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত পুৰুষৰ যিমান বৰঙণি থাকে, তেনেকৈ নাৰীৰো থাকে। সহস্ৰাধিক মহিলা উপস্থিত থকা সভাখনত নগাঁও আদালতৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা বিভা ফুকনে কয়, নাৰীসকলৰ বাবে সম অধিকাৰৰ কথা কোৱা হয় যদিও এতিয়াও পুৰুষ প্ৰধান সমাজত নাৰী সমাজ সৰ্বত্ৰ লাঞ্চিত, বঞ্চিত  হৈছে।

যি সময়ত নাৰীক দেৱী দুৰ্গা, কালী, সৰস্বতী আদিৰে নামেৰে পূজা কৰা হয়, সেই সময়ত সমগ্ৰ দেশতে মহিলাৰ পৰা শিশু লৈকে ধৰ্ষণৰ বলি হ'ব লগা হৈছে বুলি চৰকাৰী অধিবক্তা গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এতিয়াও এনে বহু গোচৰ আদালতত বিচাৰাধীন হৈ আছে বুলিও তেওঁ মন্তব্য কৰে। সভাখনত জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাস, বিশিষ্ট লেখিকা ৰাবিয়া খানম, মানসিক ৰোগ বিভাগৰ বিষয়া ক্ৰমে মনিমালা দত্ত, গীতামনি বৰুৱা, অধিবক্তা ক্ৰমে শ্বাহনাজ চুলতানা, হুমায়ুন কবিৰ, ছাত্ৰ নেতা মোশ্বাৰফ হুছেইন কবিৰ, সমাজসেৱিকা আনোৱাৰা বেগমকে ধৰি বহুকেগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।