হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

মোৰাঝাৰঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুকুৰবাৰে হোজাই জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ সৌজন্যত সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত সকলো শাখা সভাৰ লগতে স্থানীয় কেইবাটাও মহিলা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। 

হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামীৰ অধ্যক্ষতাত দিনৰ ১ বজাৰপৰা অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা আৰু মুকলি সভাত সমাজৰ বিভিন্ন দিশত একক আৰু অনন্যভাৱে অৱদান আগবঢ়াই অহা অথচ আজিও সামাজিক স্বীকৃতি লাভ নকৰা ছগৰাকী বিশিষ্ট মহিলা যথাক্ৰমে কাকীৰ ৰেণুমাই শইকীয়া বৰা, লামডিঙৰ শিক্ষাবিদ উমা ভৌমিক, ঠাইচুপৰীয়াৰ গোলাপী বৰা, হোজাইৰ সোমেশ্বৰী বৰদলৈ আৰু অঞ্জলি তালুকদাৰক বিশেষ সন্মান প্ৰদান কৰা হয়। 

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত মৰিয়ম আজমল গাৰ্লচ কলেজৰ অধ্যক্ষা শ্ৰীময়ী বঁটা প্ৰাপক ডঃ চামিম চফিকা বেগম আৰু অধিবক্তা তথা গ্ৰন্থকাৰ ফিৰোজা বেগমে নাৰী শক্তিৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায়। 

সভাত নিৰ্দিষ্ট বক্তাৰ আসনৰপৰা বিশিষ্ট কবি কল্পনা দেৱী গোস্বামীয়ে পৌৰাণিক কালৰেপৰা নাৰী সমাজে দেখুৱাই অহা মাহাত্ম্য আৰু পাৰদৰ্শিতাৰ ওপৰত বিস্তৃত ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ আঁত ধৰি জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে অসম সাহিত্য সভাই আকাশ অনুষ্ঠানৰ জৰিয়তে নাৰী সমাজক সভাৰ মজিয়ালৈ আনি তেওঁলোকৰ প্ৰতিভা প্ৰকাশৰ হেতু গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে ব্যাখ্যা কৰে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় জিলা সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়ক ৰেখা লস্কৰ বৰাই।