মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি এতিয়া মন পৰখা এটা শ্ল'গান...

গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি এতিয়া মন পৰখা এটা শ্ল'গানলৈ পৰ্যৱসিত হৈছে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই মুখ্যমন্ত্ৰীয়ে কৈ থকা "দুৰ্নীতিমুক্ত অসম'খন কলুষিত কৰিলে ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰদ্বাৰা। এই গুৰুত্বৰ অভিযোগ ঐক্য সেনা অসমৰ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৱে এক সংবাদমেল সম্বোধন কৰি সভাপতি সঞ্জীৱ মহন্তই কয় মন্ত্ৰী নৱ কুমাৰ দলেসহ বিভাগটোৰ দায়িত্বত থকা বিষয়া দিতিমণি পেগু, এছ এ লস্কৰ, জ্যোৎস্না পেগু আৰু চাহাৰ বৰভূঞাক অতিশীঘ্ৰে তদন্তৰ আওঁতালৈ আনিব লাগে।

কেৱল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আৰু বিষয়াকে যে তদন্ত আওঁতালৈ আনিব লাগে তেনে নহয়, সমগ্ৰ বিষটো উচিত বিচাৰ হ'বলৈ হ'লে এই বক্র পথেৰে চাকৰি লোৱা প্ৰতিজন ৰাজনৈতিক নেতা-পালিনেতা,আত্মীয় তথা ঘনিষ্ঠ সকলোকে তদন্তৰ আওঁতালৈ আনি কঠোৰৰপৰা কঠোৰতৰ শাস্তি প্ৰদান কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনায়।

এই শাস্তি এ পি এছ চিৰ দুৰ্নীতিগ্ৰস্ত প্ৰাৰ্থীতকৈ অধিক কঠোৰ হ'ব লাগে বুলিও তেওঁলোকে দাবী জনায়।

আনহাতে এই সংবাদ মেলতে সংগঠনটোৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে কয় যে কেৱল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগতে নিযুক্তিত কেলেংকাৰী হৈছে এনে নহয়। অসমৰ চৰকাৰৰ তথ্য আৰু জনসংখযোগ বিভাগতো নিযুক্তিৰ নামত হৈছে ব্যাপক অনিয়ম।কাৰণ একে দিনাই পৰীক্ষাৰ পাতি দুদিনৰ পাছতে বিভাগটোৱে ঘোষণা কৰিছে ফলাফল। যিটো কেতিয়াও সম্ভৱ নহয়।

আনহাতে এই সংবাদ মেলতে সংগঠনটোৱে ৰাজ্য শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আহ্বান জনায় কয় যে বি জে পি চৰকাৰক অন্যায়ৰ উচিত 'শিক্ষা' আগন্তুক লোকসভা নিৰ্বাচনত দিব লাগে।