২০১৯ বৰ্ষৰ সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এইবাৰো ষষ্ঠ বাৰৰ বাবে নৰ্থ গুৱাহাটীৰ জাৰ্ণেলিষ্ট ফৰামে প্ৰদান কৰে ২০১৯ বর্ষৰ চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ আৰু নাট্যকর্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা। 

গুৱাহাটীৰ প্ৰেছ  ক্লাবে আয়োজন কৰা উক্ত বঁটা প্ৰদান অনুষ্ঠানত ২০১৯ বর্ষৰ বাবে চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দ্বীপজ্যোতি গোস্বামীয়ে। 

আনহাতে, গোস্বামীক বঁটা প্ৰদান কৰে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মোচাহাৰীয়ে। ঠিক একেদৰে নাট্যকর্মী জগত চন্দ্ৰ গগৈৰ নামত প্ৰথম বছৰৰ বাবে অনুষ্ঠানটোৱে প্ৰদান কৰা সাংবাদিকতা বঁটা অৰ্পন কৰা হয় বৰ্তমান ডি ৱাই ৩৬৫ কৰ্মৰত জ্যেষ্ঠ সাংবাদিক প্রাণজিৎ শইকীয়াক। 

আকৌ প্ৰাণজিৎ শইকীয়াক বঁটা প্ৰদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকাই। উল্লেখ্য যে, দুয়োটা বঁটাত আছে এখন সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা, জাপি, এখন স্মাৰক পত্ৰ।

ইয়াৰ উপৰিও এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ উপৰিও বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷