তেজপুৰ লোকসভা সমষ্টিৰ বাবে বিভিন্নজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টি বাবে কংগ্ৰেছ, বিজেপি, এন চি পিৰ লগতে নিৰ্দ্দলীয় প্ৰাৰ্থীসহ বহু কেইজন প্ৰাৰ্থীয়ে জিলা উপায়ুক্তৰ জৰিয়তে মনোনয়ন পত্ৰ দাখিল কৰে শোনিতপুৰ নিৰ্বাচনী বিষয়াৰ জৰিয়তে। 

ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী পল্লৱলোচন দাসৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ফণীভুষন চৌধুৰি লগতে বহু কেইজন বিধায়ক, নেতাক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে। 

একেদৰে কংগ্ৰেছ প্ৰাৰ্থী এম জি কে ভানিৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, উপ-দলপতি ৰকিবুল হুচেইনৰ লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে।

তেজপুৰ উপায়ুক্ত কাৰ্য্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰা অন্য ব্যক্তিসকল হ’ল এন চি পি দলৰ প্ৰাৰ্থী, পি পি এন, ভোটাৰ পাৰ্টী, নিৰ্দ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে। তেজপুৰত আজি মনোনয়ন দাখিলৰ ক্ষেত্ৰত কৰি প্ৰতিটো দলে নিজৰ শক্তি প্ৰদশৰ্ন কৰা দেখা গ’ল।