দলগাঁৱত আমছুৱে জব্দ কৰি জ্বলাই দিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱৰ মাজমজিয়াৰপৰা আমছুৱে শনিবাৰে জব্দ কৰে বৃহৎ পৰিমানৰ বিলাতী সুৰা।

দলগাঁও চাৰিআলিৰ ডাকঘৰৰ কাষতে দোকান এখনত অবৈধভাৱে বিক্ৰী কৰি থাকা অৱস্থাত আমছুৰ সদস্যসকলে জব্দ কৰে সুৰাখিনি৷

পাছত দলগাঁও আৰক্ষীৰ উপস্থিতিত দলগাঁও চাৰিআলিৰ পৰিত্যক্ত কুঁঁৱা এটাত সুৰাৰ বটলখিনি ভাঙি জ্বলাই দিয়া হয়৷