কাৰ্বি পাহাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

বোকাজানৰপৰা কনক দেউৰীঃ কেৱল দেশ অথবা ৰাজ্যই নহয়, কাৰ্বি পাহাৰতো এতিয়া আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। অৱশ্যে কংগ্ৰেছ অথবা আঞ্চলিক দল এএছডিচি দলেও পিছ পৰি থকা নাই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যসূচীৰপৰা।

মুঠতে ইখনৰ পাছত সিখনকৈ কংগ্ৰেছে ব্যাপক তৎপতাৰে ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেনছিং ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে আঞ্চলিক দল এএছডিচিয়েও দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হলিৰাম টেৰাঙৰ হৈ কাৰ্বি পাহাৰৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। 

বিজেপিয়েও হৰেনছিং বে'ৰ হৈ টীম কাৰ্বি আংলঙে অৰ্থাৎ কাৰ্বি পৰিষদৰ সজাতি দল আৰু বিধায়কসকলে পাৰ্বত্য জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত নেৰানেপেৰাকৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। 

বুধবাৰেও কাৰ্বি আংলং বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে ব্যাপক আয়োজনেৰে বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰে। উল্লেখযোগ্য যে উৎকট গৰমৰ মাজতো সহস্ৰাধিক জনতাৰ ভিৰ পৰিলক্ষিত হয় বোকাজানত আয়োজন কৰা বিজেপিৰ প্ৰচাৰ সভাত। 

উল্লেখ্য যে বিশাল জনসভাত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ডঃ নোমল মুমিন, পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতন টেৰণ প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল অৰ্থাৎ টীম কাৰ্বি আংলঙৰ সদস্যসকল উপস্থিত থাকে৷

সভাত ৰাইজক সম্বোধন কৰি বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'য়ে কয় যে বিজেপিয়ে অনাকাৰ্বিৰ নাম কাৰ্বি আংলঙৰ ভোটাৰ তালিকাৰপৰা কৰ্তন কৰিব বুলি কংগ্ৰেছৰ এজেন্টেবোৰে অপপ্ৰচাৰ চলাই আহিছে কাৰ্বি আংলঙত। কিন্তু এই অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন, ৰাইজক বিজেপিৰ বিৰুদ্ধে আৰু বিপথে পৰিচালিত কৰিবলৈ এনে অভিসন্ধি ৰচিছে বুলি মন্তব্য কৰে হৰেনছিঙে। 

দেশৰ শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিগণিত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে জনপ্ৰিয়তা লাভ কৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে কৰা উন্নয়ন আৰু বিকাশৰ ধাৰাক দেখি প্ৰকৃততে কংগ্ৰেছৰ চকু কপালত উঠিছে। যি দলেই যি নকওক কিয় বিজেপি চৰকাৰে সামগ্ৰিকভাৱে আমোল পৰিৱৰ্তন আনিছে প্ৰতিখন ৰাজ্য আৰু প্ৰতিখন জিলাৰ প্রান্তে প্রান্তে বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে। 

ইফালে সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাবৰ্গ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ বিপৰীতে বিজেপিয়ে কৰা সব কা সাথ সব কা বিকাশৰ কথা উল্লেখ কৰে। বিজেপিয়ে ক্ষিপ্ৰ গতিৰে কৰা বিকাশৰ যি ধাৰা তাক অটুত ৰাখিবলৈ বিজেপিৰ উদীয়মান, মানসিক শক্তিসম্পন্ন, মননশীল চিন্তাচৰ্চা কৰা প্ৰাৰ্থী হৰেনছিং বে'ক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰংহাঙে। 

একে সময়তে সভাত ৰাইজক উদ্দেশ্যি কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য মাধুৰ্য ঢেঁকীয়ালফুকনেও কয় যে এএছডিচিৰ ১২ বছৰীয়া কাৰ্যকাল আৰু কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালত কাৰ্বি পাহাৰৰ ৰাইজে একো পাবলৈ সক্ষম হোৱা নাছিল, ৰাইজে কেৱল ঠগ-প্ৰৱঞ্চনাৰহে সন্মুখীন হৈছিল। আৰু দুয়ো দলৰ প্ৰতাপী নেতা-আমোলাই ৰাইজক ঠগি নিজে উদৰ পুৰাই খাইছিল। কিন্তু তাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলঙত ক্ষিপ্ৰ গতিত সম-উন্নয়ন দেখিবলৈ পাইছে এতিয়া পাহাৰবাসী ৰাইজে বুলি মন্তব্য কৰে ঢেঁকীয়ালফুকনে। 

গুৰুত্বপূৰ্ণ যে আজিৰ অনুষ্ঠিত বিশাল জনসভাত মুঠ ২৯৫ গৰাকী লোকে বিৰোধী কংগ্ৰেছ, এএছডিচি, অগপ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।