সাংবাদিকক হত্যাৰ চেষ্টা

দুলীয়াজানঃ ৰাজ্যত সংবাদিকৰ সুৰক্ষা বিষয়টো এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হৈছে দুলীয়াজানৰ নাওহলীয়াত৷

দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ প্ৰাগ নিউজৰ সাংবাদিক শ্ৰী ব্ৰজেন গগৈক তেওঁৰ ঘৰৰ সমীপতে কোনো এক অচিনাক্ত ৰ্দুবৃত্তই হত্যাৰ ভাবুকি দিয়ে।

জানিব পৰা মতে এটা লোহাৰ বেপাৰীয়ে এই ভাবুকি প্ৰদান কৰিছে। দুলীয়াজান প্ৰেছ ক্লাবে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু আইনগত শাস্তি প্ৰদান কৰিব লাগে বুলি আইনৰ কাষ চাপিছে।

লগতে অনাগত দিনত ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেধৰণৰ কাৰ্য্য হোৱাৰ বাবে তীব্ৰ আন্দোলন কৰিম বুলিও দাবী প্ৰদান কৰিছে দুলীয়াজান প্ৰেছ ক্লাবে৷