ৰাইজক উপেক্ষা কৰাৰ ফল এইবাৰ নিৰ্বাচনত বিজেপিয়ে পাবঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ তথা বিদ্ৰোহৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি বিধেয়ক গৃহীত কৰিম বুলি ঘোষণা কৰাৰ পাছত এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বিধেয়কক বিৰোধিতা কৰি ভট্টাচাৰ্যই কয় এই বিধেয়ক সম্পূৰ্ণ সাম্প্ৰদায়িক। ই অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী। এই বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলিছিল আৰু চলিব। খিলঞ্জীয়া ৰাইজৰ আৰু অন্যান্য ৰাজনৈতিক দলৰ বিৰোধিতাৰ বাবে সফল নহ’ল চৰকাৰ। 

লগতে তেওঁ কয় অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব। লগতে চৰকাৰক সমালোচনা কৰি ভট্টাচাৰ্যই কয় গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজক উপেক্ষা কৰাৰ ফল এইবাৰ নিৰ্বাচনত বিজেপিয়ে পাব বুলিও তেওঁ উল্লেখ কৰে।