তেজপুৰত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

তেজপুৰঃ তেজপুৰত মদ খাবলৈ পানী নাপায় এজন যুৱকক নৃশৃংসভাৱে হত্যা কৰা হৈছিল। তেজপুৰ কলেজিয়েট খেল পথাৰত চলি থকা উত্তৰ তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মূল সাংস্কৃতিক সন্ধ্যাত৷

সেয়া আছিল ২০১২ চনৰ ৬ মে’ত৷ কলেজিয়েট হাইস্কুলৰ চৌহদত বিদ্যালয়খনৰ চকীদাৰ বিৰেন ডেকাৰ পুত্ৰ তপন ডেকাক নৃসংশভাৱে হত্যা কৰা হৈছিল। 

মদ খাবলৈ পানী নোপোৱাত পাপু শইকীয়া নামৰ যুৱক এজনৰ নেতৃত্বত অহা দল এটাই সংঘটিত কৰিছিল এই হত্যাকাণ্ড। সুদীৰ্ঘ সাত বছৰ ধৰি বিচাৰ চলাই মঙলবাৰে হত্যাকাৰী পাপু শইকীয়াক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে আদালতে।